মহানগৰীৰ পাৰ্শ্বৱৰ্তী তথা অসম মেঘালয় সীমান্তৰ পশ্চিম গুৱাহাটীৰ উমচুৰত কমলা খেতিৰ লগত জড়িত কৃষকসকলক বিজ্ঞানসন্মত কৌশল-পদ্ধতি প্ৰদান কৰি কিদৰে উৎপাদন বৃদ্ধিৰে আৰ্থিকভাৱে লাভৱান হ’ব পাৰি তাৰ বাবে আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্র,কামৰূপে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।সেই পদক্ষেপৰ অংশ হিচাপে ১১ ডিচেম্বৰত কৃষি বিজ্ঞান কেন্দ্র কামৰূপৰ উদ্যোগত আৰু উমচুৰৰ অগ্ৰণী সামাজিক,সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন চছিয়েল কালচাৰেল অৰগেনাইজেচন এণ্ড স্পৰ্টছ্ ক্লাব’ৰ সহযোগত ক্লাবত এদিনীয়াকৈ কৃষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।এই উপলক্ষে ক্লাবৰ সভাপতি ৰজত ৰাভাৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা শিবিৰত মুখ্য অতিথি হিচাপে ভাগ লৈ কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰ নাথ কলিতাই ভাষণ প্ৰসঙ্গত পৰম্পৰাগত খেতি হ’লেও অলপমান বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি কিদৰে কমলাৰ উৎপাদন বৃদ্ধি কৰি আৰ্থিকভাৱে লাভৱান হ’ব পাৰি তাৰ বাখ্যা দাঙি ধৰে।আনহাতে শিবিৰত সমল ব্যক্তি হিচাপে ভাগ লৈ কেন্দ্ৰৰ বিজ্ঞানী দৰদী প্ৰিয়ম দুৱৰাই পুলি ৰোপন কৰাৰ পৰা আৰম্ভ কৰি গছত কমলা ফুলা আৰু পূৰঠ হোৱালৈকে কমলা টেঙা গছৰ ল’বলগীয়া যতন,প্ৰতিপালন,ৰোগৰ প্ৰতিকাৰ আদিৰ কৌশলসমূহ বুজাই দিয়ে।শিবিৰত ক্লাবৰ কৰ্মকৰ্তা ধ্ৰুৱজ্যোতি দলৈ,প্ৰতাপ দলৈ,হিতেশ দলৈ,বিপিন ৰামকে ধৰি কেইবাজনেও প্ৰথমবাৰৰ বাবে কৃষি বিজ্ঞানীৰ দল অনুষ্ঠানটোত পদাৰ্পণ কৰি কৃষকসকলক উৎসাহিত কৰাৰ বাবে কেন্দ্ৰৰ শলাগ লয়।শেষত শিবিৰত উপস্থিত থকা ৩০ গৰাকীৰো অধিক কৃষকৰ সৈতে কেন্দ্ৰৰ দুজনীয়া বিজ্ঞানীৰ দলে কমলা খেতিৰ বাগান পৰিদৰ্শন কৰি কৃষকসকলক গছৰ ৰোগসমূহৰ বিষয়ে বুজাই দিয়ে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud