হাতী মানুহৰ সংঘাতে চৌদিশে অশান্তিময় পৰিবেশ সৃষ্টি কৰাৰ সময়তে কাৰ্বি আংলঙৰ হাতীখুলিবাসীক সকাহ যোগাইছে দুজন প্ৰকৃতিপ্ৰেমীয়ে।জানি সুখী হ’ব যে বিনোদ দুলু বৰা আৰু সমাজকৰ্মী প্ৰদীপ কুমাৰ ভূঞাই হাতীখুলি অঞ্চলৰ ২০০ বিঘা মাটিত হাতীৰ বাবে ধান খেতি কৰিছিল আৰু কলগছকে আদি কৰি বিভিন্ন ধৰণৰ গছ ৰোপন কৰিছিল।যাৰ বাবে সমীপৱৰ্তী অঞ্চলত এইবাৰ হাতীৰ উপদ্ৰৱ নাই বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে শেহতীয়াকৈ বিনোদ দুলু বৰাই বেটাৰ ইণ্ডিয়া প’ৰ্টেলৰ সমীক্ষাত আৰ্থ হিৰো খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।বিনোদ দুলু বৰাৰ সাফল্যৰ এই খবৰ বছৰটোৰ প্ৰথমদিনা ইতিবাচক খবৰ বুলি বিবেচিত হৈছে।আনহাতে বছৰটোৰ প্রথমদিনাই একাংশ প্ৰকৃতিপ্ৰেমীয়ে বৃক্ষ ৰোপন কৰিছে।উল্লেখ যোগ্য তেখেতসকলে গছপুলি ৰোপন কৰি চ’ছিয়েল মেডিয়াত ফটো আপডেট দিছে।এই সম্পৰ্কে প্ৰকৃতি প্ৰেমী হীৰেন চন্দ্ৰ কলিতাৰ পৰা জানিব বিচৰাত তেখেতে এনেদৰে কয় -এক বৃক্ষ দশ পুত্ৰৰ সমান।উঠি অহা প্ৰজন্মই যাতে অক্সিজেনৰ অভাৱত নপৰে সেই কথা চিন্তা কৰিয়ে আজি বছৰটোৰ প্ৰথমদিনা গছৰ পুলি ৰোপন কৰো। ই নিসন্দেহে আশাব্যঞ্জক খবৰ বুলি বিবেচিত হৈছে। সংগীতা শইকীয়া সম্পাদক
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন