অহা ১৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত মুখ্যমন্ত্রী যুৱ সমাৰোহ অনুষ্ঠিত হ’ব।পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহ খন উদ্বোধন কৰিব বিত্ত আৰু গড়কাপ্তানী মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। সমাৰোহখনত কৃষি,উদ্যানশস্য,পশুপালন এই সমূহ বিষয় সামৰি এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব এই কথা সদৰি কৰে অসম ক্ৰীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব লক্ষ্য কোঁৱৰে।আজি গুৱাহাটী ভোগেশ্বৰী ফুকননী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সংবাদমেলত কোঁৱৰে জনাই যে বিশেষকৈ ষ্টাৰ্টআপ বিজনেচক সামৰি এক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।লগতে যুৱ প্ৰজন্মৰ মিডিয়াৰ ভূমিকা শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।শেষৰদিনা কাৰ্যসূচীত মুখ্যমন্ত্রীৰ লগতে বলিউডৰ প্ৰখ্যাত অভিনেতা বিবেক অৱেৰয় উপস্থিত থাকিব।উল্লেখযোগ্য যে অসমৰ ১১০ খন মহাবিদ্যালয়ৰ নিৰ্বাচিত ছাত্ৰ প্ৰতিনিধিয়ে এই সমাৰোহখনত অংশগ্ৰহণ কৰিব।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি