স্বপ্ৰতিভাৰে উজ্বলি উঠা এজন কিশোৰ।সৰুৰে পৰাই নৃত্য,চিত্ৰকলা,দেৱ দেৱীৰ সাধুকথাৰ প্ৰতি আকৃষ্ট কিশোৰজনে দেৱ দেৱীৰ মূৰ্তি কাঠ পেঞ্চিল,ৰং তুলিকাৰে অংকন কৰি আহিছে।তাৰোপৰি কিশোৰজনে খেৰ,মাটিৰে মূৰ্তি,প্ৰতিমাও নিৰ্মাণ কৰিব পাৰে।মঙ্গলদৈৰ ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত এই প্ৰতিভাসম্পন্ন কিশোৰ জনৰ নাম মানসজ্যোতি ডেকা।অষ্টম শ্ৰেণীৰ ছাত্ৰ মানসে এইবাৰ খেৰ,চিমেণ্ট,মাটি ব্যৱহাৰ কৰি সৰস্বতী দেৱীৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে।নিজ বিদ্যালয়ত মৃন্ময় প্ৰতিমা দান কৰিব কিশোৰজনে।বিদ্যালয়ৰ শিক্ষক হিতেশ কাকতিৰ মতে পঢ়া শুনাৰ লগতে মানসে অংকন কৰা চিত্ৰকলা,মৃৎকলাৰ কাৰুকাৰ্য্য শলাগিবলগীয়া।ঔতলাৰ বেচিমাৰী গাঁৱৰ বুলেন ডেকাৰ একমাত্র পুত্ৰ মানসে দৰিদ্ৰতাকো নেওচি কোনো ধৰণৰ প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ নিজা ধ্যান ধাৰণাৰে এই কাম কৰি আহিছে।সম্প্রতি অহকা গাঁৱত মোমায়েকৰ ঘৰত থাকি প্ৰতিমা নিৰ্মাণ কৰি থকা কিশোৰজনে এই কথা প্ৰমাণ কৰিলে যে প্ৰতিভাৰ মৰণ নাই।দৰিদ্ৰতা কেতিয়াও প্ৰতিভাৰ হেঙাৰ হ’ব নোৱাৰে।পিতৃয়ে কয় মাত্ৰ আঢ়ৈ বছৰ বয়সতে মানসৰ হৃদযন্ত্রত ফুটা থকাৰ বাবে এইমছত চিকিৎসা কৰোৱা হৈছিল।এতিয়াও সম্পূৰ্ণ আৰোগ্য হৈ উঠা নাই।সেয়ে তাৰ মন ভালে থাকিবৰ বাবে সি কৰা কোনো কামতে আমি হকা বাধা কৰা নাই। মানস এই কাৰ্য্যৰ বাবে বহুজনৰ প্ৰেৰণা হৈ পৰিছে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud