সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন, সাহিত্য সম্পাদক অঞ্জন কলিতা, কাৰ্য্যনিৰ্বাহক সদস্য সীমান্ত ঠাকুৰীয়াৰ নেতৃত্বত গুৱাহাটী মহানগৰীৰ লগতে অসমৰ বিভিন্ন স্থানৰ প্ৰায় ৩ শতাধিক প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সদস্যই দলৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত অসম গণ পৰিষদ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে। যোগদান কাৰ্য্যসূচীত উপস্থিত থাকি দলৰ সভাপতি অতুল বৰাই উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ আঞ্চলিক দল অসম গণ পৰিষদত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহি যোগদান কৰাৰ বাবে উষ্ম আদৰণি জনাই কয় যে, বৰ্তমান সময়ত অসম গণ পৰিষদ দলৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস বঢ়াৰ বাবেই নতুন নতুন তেজৰ আমদানি ঘটিছে। বৰাই লগতে যুৱ আৰু ছাত্ৰ শক্তিক ঐক্যবদ্ধ ভাৱে আসম গণ পৰিষদ দলৰ মাধ্যমৰে ৰাইজৰ সেৱাত ব্ৰতী হোৱাত গুৰুত্ব আৰোপ কৰে। অসমৰ বিভিন্ন মহাবিদ্যালয়ত ইতিমধ্যে অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ সহযোগত ছাত্ৰ একতা সভা সমূহ জয়লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৮৫ চনৰ পৰা অভিজ্ঞতাপুষ্ট আঞ্চলিক ৰাজনৈতিক দলটোত এই নতুন তেজৰ আমদানিয়ে যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। সভাত কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত থাকি যোগদানকাৰী সকলক আদৰণি জনোৱাৰ লগতে দলত থাকি নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। সভাত দলৰ উপ-সভাপতি সুনীল ডেকা, সম্পাদক তথ্য প্ৰযুক্তি মণি মাধৱ মহন্ত, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস, সম্পাদক সংগঠন তুলাৰাম গগৈ, কাৰ্য্যনিৰ্বাহক সদস্য আছিকুৰ ৰহমান তথা অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon