ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) গুৱাহাটীস্থিত গ্ৰুপ কাৰ্যালয়ৰ অধীনৰ ৩০ আসাম কোম্পানীৰ উদ্যোগত আজি পাথৰকুৱাৰীস্থিত “‘আমাৰ ঘৰ ” বৃদ্ধাবাসত এক সমাজ সেৱা মূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এন চি চি ৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ জে চি তালুকদাৰৰ তত্বাৱধানত আয়োজিত কাৰ্যসূচীত কেডেটৰ দলটোৱে বৃদ্ধাবাসৰ আবাসী সকলৰ সহায়ক হোৱাকৈ তাত চাহ আৰু কফি আদি প্ৰস্তুত কৰা টেবুল স্থাপন ,বিশুদ্ধ খোৱা পানীৰ বাবে একুৱা গাৰ্ড স্থাপন , ইলেক্ট্ৰিক কেটলি , ইলেকট্ৰিক কেটলী স্থাপন কৰি দিয়ে । কাৰ্যসূচীত ৩০ আসাম কোম্পানী এন চি চি ৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল পৱন কুমাৰ , বৃদ্ধাবাস পৰিচালনা কমিটিৰ অপৰাজিতা দত্ত , বিশ্ব দত্ত , যুগব্ৰত দত্ত , দিলীপ কুমাৰ দত্ত চৌধুৰী উপস্থিত থাকে ।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা