চৰাইদেউ পৰ্ব্বতৰ শিখৰত থকা ঐতিহাসিক লাংকুৰি দেওশালত লভলিনা বৰগোঁহাই অলিম্পিকত সফল হোৱাৰ কামনাৰে চৰাইদেউ প্ৰেছ ক্লাৱৰ উদ্যোগত সোমবাৰে ফু -ৰা তা-ৰাৰ ওচৰত প্ৰাৰ্থনাবন্তি প্ৰজ্বলন কৰা হয় ৷ অসমৰ প্ৰথম মহিলা অলিম্পিক খেলুৱৈ , অসম গৌৰৱ লভলিনা বৰগোঁহাই অলিম্পিকত ছেমি ফাইনেলত প্ৰবেশ কৰি পদক নিশ্চিত কৰাৰ পাছত পুনৰ দুখনকৈ খেলত জয়ী হৈ অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ প্ৰেছ ক্লাছৰ সদস্য সকলে আহোম পৰম্পৰা প্ৰাৰ্থনাৰে বন্তি প্ৰজ্বলন কৰি আৰাধ্য দেৱতালৈ সেৱা জনায় ৷ টাই পুৰোহিত হীৰেন ফুকনৰ সহযোগত সম্পন্ন কৰা এই কাৰ্যসূচীত চৰাইদেউ প্ৰেছ ক্লাৱৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা,যুটীয়া সম্পাদক মিণ্টু তাঁতী,সুশান্ত কোঁৱৰ, সংবাদকৰ্মী প্ৰণৱ বৰগোহাঁই,দিগন্ত গগৈ ,ইছলাম আহমেদ,বিকাশ গগৈকে ধৰি দেওশাল সংৰক্ষণ সমিতিৰ শ্যাম বৰুৱাই উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ৷
Trending
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year