মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ জন্মস্থানৰ মনিকুট গৃহৰ নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভ কৰা হয় । জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি তথা মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামীয়ে সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে কীৰ্ত্তন ঘৰত গুৰু আসন প্ৰতিষ্ঠা কৰাৰ অন্তত নাম-কীৰ্ত্তন কৰি মনিকুট গৃহৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে অনুষ্ঠানটিৰ অঞ্চলটোৰ যথেষ্ট সংখ্যক ভকত-বৈষ্ণৱে অংশগ্ৰহণ কৰে । উল্লেখ্য যে পুৰণি মনিকুট গৃহটিৰ স্থানত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা গৃহটিৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা আনটাইড ফাণ্ডৰ অধীনত অনুমোদন দিয়া হৈছে ২৫ লাখ টকা । প্ৰায় ৫০ লাখ টকাৰ বাজেট গ্ৰহণ কৰি আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ লোৱা মনিকুট গৃহটিৰ নিৰ্মাণত লাগিবৰ বাবে সদাশয় ভকত-বৈষ্ণৱৰ পৰা সহায় সহযোগিতা বিচাৰিছে শ্ৰীশ্ৰী মাধৱদেৱ জন্মস্থান পৰিচালনা সমিতিয়ে ।কোনো সদাশয় ভকত-বৈষ্ণৱে যদি দান-বৰঙণি আগবঢ়াব বিছাৰে তেন্তে পৰিচালনা সমিতিৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ সভাপতি জনাৰ্দনদেৱ গোস্বামীয়ে আহ্বান জনাইছে । আনহাতে শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰপন্ন শিষ্য বহাৰপো শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীক দেশী-বিদেশী পৰ্যটনৰ আকৰ্ষণৰ স্থলি হিচাপে গঢ়ি তুলিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামী আৰু প্ৰধান সম্পাদক মুহিৰাম শইকীয়াই ।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon