পৰ্যটক সকলৰ বাবে সুখবৰ। দীৰ্ঘদিনৰ অন্তত পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। ক’ভিড মহামাৰীৰ বাবে দীৰ্ঘদিনে বন্ধ হৈ আছিল ৰাজ্যৰ পৰ্যটনস্থলী সমুহ। হতাশাগ্ৰস্ত হৈ পৰিছিল আৰ্থিকভাবে জুৰুলা হৈ পৰা পৰ্যটনক্ষেত্ৰৰ লগত জড়িত লোকসকল। অৱশেষত আহিল সুখবৰ, খোল খাব ৰাজ্যৰ পৰ্যটনস্থলীৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যান।অক্টোৱৰৰ প্ৰথম সপ্তাহত পৰ্যটকৰ বাবে খুলিব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ। সেয়ে পৰ্যটকক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। সমান্তৰালভাৱে সাজু হৈ উঠিছে জীপ ছাফাৰী, হোটেল-ৰেষ্টুৰেণ্ট, লজ আদিও। ক’ভিড মহামাৰীৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ। মানাহৰ প্ৰবেশদ্বাৰ বহুদিনৰ মূৰত খোল খোৱাৰ খবৰে আনন্দিত কৰি তুলিছে বনকৰ্মী সকলকো৷ বহুদিনৰ মূৰত পৰ্যটকৰ মুখ দেখিবলৈ পাব মানাহৰ সতে জড়িত সকলোৱে। জীপ ছাফাৰী, হোটেল,ৰেষ্টুৰেণ্ট, লজৰ কৰ্মীসকল কৰ’নাকালীন পৰিৱেশৰ বাবে আৰ্থিক ভাবে অতিকৈ জুৰুলা হৈ পৰিছিল৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অক্টোৱৰৰ প্ৰথম সপ্তাহত অন্যান্য পৰ্যটনস্থলী সমুহৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানো পৰ্যটকৰ বাবে মুকলি হ’ব বুলি কৰা মন্তব্যই উৎফুল্লিত কৰিছে মানাহৰ সৈতে জড়িত সকলোকে। ইতিমধ্যে ১৪৫ খন জীপছী, শতাধিক হাতী পৰ্যটকৰ বাবে সাজু কৰি তোলা হৈছে৷ জীপ ছাফাৰী,হাতী ছাফাৰীৰ লগতে পৰ্যটকৰ বাবে থাকিব ৰাফ্টিঙৰো ব্যৱস্থা।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী