গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন.ডি.আৰ.এফৰ উদ্যোগত আজাৰাৰ পৰা কিছু নিলগৰ মিৰ্জাস্থিত জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) চৌহদত আজিৰে পৰা পূব আৰু উত্তৰ পূব মণ্ডল ভিত্তিত তিনিদিনীয়াকৈ আৰম্ভ হৈছে হৈছে আন্তঃ এন.ডি.আৰ.এফ বেটেলিয়ান দক্ষতা বৃদ্ধিৰ প্ৰতিযোগিতা। প্ৰতিযোগিতাত পূব আৰু উত্তৰ পূব মণ্ডলত থকা প্ৰথম, দ্বিতীয়, নৱম আৰু দ্বাদশ বেটেলিয়ানৰ প্ৰায় ১০০ জন বিভিন্ন বৰ্গৰ বিষয়া-জোৱানে ভাগ লৈছে। আজি পুৱা প্ৰতিযোগিতাখন উদ্ধোধন কৰে কলকাতাস্থিত দ্বিতীয় এন.ডি.আৰ.এফৰ কমাণ্ডেণ্ট গুৰ্মিন্দৰ সিংয়ে। অনুষ্ঠানত প্ৰথম এন.ডি.আৰ.এফৰ চেকেণ্ড-ইন-কমাণ্ড পংকজ কেভিদয়াল, ডেপুটি কমাণ্ডেণ্টদ্বয় অনিল চৌহান আৰু ডাঃ তেজ বাহাদুৰকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে। আনহাতে প্ৰতিযোগিতাত এন.ডি.আৰ. এফ বাহিনীয়ে ভূমিকম্প, বানপানী, ভূমিস্খলন, ধুমুহাকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, দুৰ্ঘটনাকে ধৰি যিকোনো মানৱসৃষ্ট দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ, সাহায্য আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কাৰ্যত ব্যৱহৃত সা-সামগ্ৰী সমূহৰ প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ উপৰিও প্ৰথম এন.ডি.আৰ. এফৰ কমাণ্ডেণ্ট এইছ. পি. এছ কাণ্ডাৰীয়ে প্ৰতিযোগিতাত ভাগ লোৱা সকলো প্ৰতিযোগিক শুভেচ্ছা জ্ঞাপন কৰি সকলোৱে যাতে সৰ্বস্ব উজাৰি উন্নত প্ৰদৰ্শন কৰে তাৰ কামনা কৰিছে। তিনিদিনিয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ১০ নৱেম্বৰত সামৰণি পৰিব।
Trending
- মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি
- মিৰ্জা ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ মুকলি
- কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’
- তিতাবৰত ১১, ১২ মে’ত সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ
- তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা প্ৰাচীন ফাটবিহু
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল