বডোলেণ্ডৰ মুখ্য সদৰ কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব সাহিত্য উৎসৱ।অহা ১৪,১৫ আৰু ১৬ নৱেম্বৰত বডোফা সাংস্কৃতিক ভৱনত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব সাহিত্য উৎসৱ।শান্তি আৰু প্ৰেমৰ আন্তঃৰাষ্ট্ৰীয় শতভাষিক কবিতা আবৃত্তি কৰা হ’ব সাহিত্য উৎসৱত। বি টি আৰ চৰকাৰে উদযাপন কৰা এই সাহিত্য উৎসৱ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচী সফল কৰিবলৈ ইতিমধ্যে অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ হিচাপে সাহিত্যিক সুৰত নাৰ্জাৰী আৰু আহ্বায়ক হিচাপে প্ৰফেছৰ ড° অনিল বড়োক দায়িত্ব দিয়া হৈছে।কাৰ্যসূচীৰ সন্দৰ্ভত সংবাদ মেলৰ জড়িয়তে জনাইছে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা