ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ বায়ু শাখাৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটৰ কেডেট আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা বিগত বৰ্ষত ভূগোল বিজ্ঞান বিষয়ত মেজৰসহ সুখ্যাতিৰে স্নাতক ডিগ্ৰী উত্তীৰ্ণ হোৱা ছাত্ৰ নেপো মৈৰাংথেম ছাৰ্ভিছ ছিলেকচন বৰ্ডৰ দ্বাৰা আয়োজিত পৰীক্ষাত উত্তীৰ্ণ হৈ যোৱা ছেপ্টেম্বৰ মাহতে ভাৰতীয় বায়ু সেনাৰ সন্মানীয় ফ্লায়িং অফিচাৰ পদৰ বাবে নিৰ্বাচিত হৈছিল। তাৰ প্ৰায় চাৰিমাহ পাছত আজি তেওঁ ভাৰতীয় বায়ু সেনাৰ চেকেন্দ্ৰাবাদৰ দুন্দীগালত থকা ইণ্ডিয়ান এয়াৰ ফৰ্চ একাডেমীত ফ্লায়িং অফিচাৰ পদত যোগদান কৰে। আনহাতে তেওঁ ফ্লায়িং অফিচাৰ পদত যোগদান কৰি ইউনিটলৈ গৌৰৱ কঢ়িয়াই অনা বাবে কমাণ্ডিং অফিচাৰ গ্রুপ কেপ্তেইন ৰবীন বিষ্ণয়কে ধৰি ইউনিটৰ সকলোৱে নেপোক শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে বৰ্তমান গুৱাহাটীৰ উজানবজাৰ নিবাসী নেপোৰ প্ৰকৃত ঘৰ হল মণিপুৰৰ পূব ইম্ফল জিলাৰ এখন ভিতৰুৱা অঞ্চলত। মণিপুৰ সৈনিক স্কুলৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ ২০১৮ চনত কটন বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰমত নাম ভৰ্ত্তি কৰাৰ সমান্তৰালভাৱে ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটত কেডেট হিচাপে নাম ভৰ্ত্তি কৰিছিল। ইয়াৰ মাজতে তেওঁ সৰ্বভাৰতীয় বায়ু সৈনিক শিবিৰত উত্তৰ পূব মণ্ডলক প্ৰতিনিধিত্ব কৰি শ্ৰেষ্ঠ এৰোমডেলাৰৰ সন্মান আৰু বায়ু সেনাৰ শ্বিলংস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ উদ্যোগত এ এল জিত আয়োজিত এয়াৰ ফেষ্টিফেলত এৰো মডেলিঙত ভাগ লৈ ইউনিটলৈ গৌৰৱ কঢ়িয়াই আনিছিল। মণিপুৰৰ এখন চৰকাৰী চিকিৎসালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এম নৰিন্দৰ সিং আৰু এম ইন্দুবালা সিঙৰ পুত্ৰ নেপোৱে সন্মানীয় ফ্লায়িং অফিচাৰ পদৰ বাবে নিৰ্বাচিত হৈ বাহিনীটোলৈ গৌৰৱ কঢ়িয়াই অনা বাবে এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতা আৰু গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰে তেওঁক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত