তুলসীবাৰী শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী মহোৎসৱৰ শুভাৰম্ভনী অনুষ্ঠান সম্পন্ন

0 218

ভোগালী বিহুৰ আনন্দ উলাহৰ মাজতে  তুলসীবাৰীত আজি জাক জমকতাৰে অনুষ্ঠিত কৰা হয় ৰূপালী জয়ন্তী মহোৎসৱৰ শুভাৰম্ভণী অনুষ্ঠান।  দিনযোৰাকৈ আয়োজন কৰা শুভাৰম্ভ অনুষ্ঠানৰ কাৰ্যসূচীৰ অংশ হিচাপে পুৱা বন্তি প্ৰজ্বলন,পতাকা উত্তোলন, ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ লগতে গছপুলি ৰোপণ কৰা হয় ।ইয়াৰ পাছতে উদযাপন সমিতিৰ সভাপতি অচ্যুত কেওটৰ সঞ্চালনাত অনুষ্ঠিত কৰা মুকলি সভাত বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভবেশ কলিতা উপস্থিত থাকি শুভেচ্ছামূলক ভাষণ ৰাখে ।ভাষণ প্ৰসংগত কলিতাই কয় যে যি সকল শিক্ষানুৰাগী লোকৰ প্ৰচেষ্টাত এই মহান অনুষ্ঠানটি গঢ় লৈ উঠিছিল আজি তেখেত সকলৰ প্ৰয়াস পূৰ্ণতা পালে।ভূমি ,আৰ্থিক অনুদান তথা নিকেতনত ছাত্র-ছাত্ৰী সকলক জ্ঞান অৰ্জনৰ বাবে প্ৰেৰণ কৰা।অভিভাৱক সকলকো শ্ৰদ্ধা নিবেদন কৰে কলিতাই।আনহাতে উক্ত সভাতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সহক্ষেত্ৰ কাৰ্যবাহক বশিষ্ঠ বুজৰবৰুৱাই অংশগ্ৰহণ কৰি ছাত্র-ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য ৰাখে । ভাষণ প্ৰসংগত বুজবৰুৱাই দেশমাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হবলৈ আহ্বান জনায় ।আনহাতে স্বদেশ -স্বজাতিৰ ভাষা-সংস্কৃতিৰ প্ৰতি দায়বদ্ধ থাকিবলৈও ছাত্র-ছাত্ৰী সকলক ভাষণ প্ৰসংগত আহ্বান জনায় ।নিকেতনৰ প্ৰধান আচাৰ্য সোমদত্ত কলিতাই আঁত ধৰা সভাখনত অঞ্চলটোৰ কেবাগৰাকী শিক্ষানুৰাগী তথা সমাজ-সাহিত্য-সংবাদ সেৱাৰ লগত জড়িত ব্যাক্তিক সম্বৰ্দ্ধনা  জ্ঞাপন কৰা হয় ।পৰৱৰ্তী কাৰ্যসূচী হিচাবে বিয়লি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি সন্মিলন তথা সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ভোগালী বিহুৰ শুভক্ষণত গৰিমা বিজড়িত নিকেতনখনৰ ৰূপালী জয়ন্তী প্ৰস্তুতি বৰ্ষৰ প্ৰাৰম্ভিক কাৰ্যসূচীয়ে স্বাভাৱিকতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষানুৰাগী ৰাইজক উৎফুল্লিত কৰি তোলা পৰিলক্ষিত হয়।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.