ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ বায়ু শাখাৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটৰ কেডেট আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা বিগত বৰ্ষত ভূগোল বিজ্ঞান বিষয়ত মেজৰসহ সুখ্যাতিৰে স্নাতক ডিগ্ৰী উত্তীৰ্ণ হোৱা ছাত্ৰ নেপো মৈৰাংথেম ছাৰ্ভিছ ছিলেকচন বৰ্ডৰ দ্বাৰা আয়োজিত পৰীক্ষাত উত্তীৰ্ণ হৈ যোৱা ছেপ্টেম্বৰ মাহতে ভাৰতীয় বায়ু সেনাৰ সন্মানীয় ফ্লায়িং অফিচাৰ পদৰ বাবে নিৰ্বাচিত হৈছিল। তাৰ প্ৰায় চাৰিমাহ পাছত আজি তেওঁ ভাৰতীয় বায়ু সেনাৰ চেকেন্দ্ৰাবাদৰ দুন্দীগালত থকা ইণ্ডিয়ান এয়াৰ ফৰ্চ একাডেমীত ফ্লায়িং অফিচাৰ পদত যোগদান কৰে। আনহাতে তেওঁ ফ্লায়িং অফিচাৰ পদত যোগদান কৰি ইউনিটলৈ গৌৰৱ কঢ়িয়াই অনা বাবে কমাণ্ডিং অফিচাৰ গ্রুপ কেপ্তেইন ৰবীন বিষ্ণয়কে ধৰি ইউনিটৰ সকলোৱে নেপোক শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে বৰ্তমান গুৱাহাটীৰ উজানবজাৰ নিবাসী নেপোৰ প্ৰকৃত ঘৰ হল মণিপুৰৰ পূব ইম্ফল জিলাৰ এখন ভিতৰুৱা অঞ্চলত। মণিপুৰ সৈনিক স্কুলৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ ২০১৮ চনত কটন বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰমত নাম ভৰ্ত্তি কৰাৰ সমান্তৰালভাৱে ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটত কেডেট হিচাপে নাম ভৰ্ত্তি কৰিছিল। ইয়াৰ মাজতে তেওঁ সৰ্বভাৰতীয় বায়ু সৈনিক শিবিৰত উত্তৰ পূব মণ্ডলক প্ৰতিনিধিত্ব কৰি শ্ৰেষ্ঠ এৰোমডেলাৰৰ সন্মান আৰু বায়ু সেনাৰ শ্বিলংস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ উদ্যোগত এ এল জিত আয়োজিত এয়াৰ ফেষ্টিফেলত এৰো মডেলিঙত ভাগ লৈ ইউনিটলৈ গৌৰৱ কঢ়িয়াই আনিছিল। মণিপুৰৰ এখন চৰকাৰী চিকিৎসালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এম নৰিন্দৰ সিং আৰু এম ইন্দুবালা সিঙৰ পুত্ৰ নেপোৱে সন্মানীয় ফ্লায়িং অফিচাৰ পদৰ বাবে নিৰ্বাচিত হৈ বাহিনীটোলৈ গৌৰৱ কঢ়িয়াই অনা বাবে এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতা আৰু গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰে তেওঁক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক