বোকাখাতত পোন প্ৰথমবাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৰাজ্যিক টাইকোৱানডো ৰেফাৰী কৰ্মশালা।সদৌ অসম টাইকোৱানডো সন্থাৰ তত্ত্বাৱধানত তথা বোকাখাত জিলা টাইকোৱানডো সন্থাৰ উদ্যোগত যোৱা ১৭ আৰু ১৮ জানুৱাৰী তাৰিখে বোকাখাতৰ চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত কৰ্মশালা খনত অসমৰ বিভিন্ন জিলাৰ পৰা অহা মুঠ ৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম টাইকোৱানডো সন্থাৰ সমম্বয়ক ভূপাল থাপাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী ক্ৰমে আলি আহমেদ জাফাৰী, দীনেশ গুপ্তা,আৰু পৱন শইকীয়া। লগতে বোকাখাত জিলা টাইকোৱানডো সন্থাৰ তৰফৰ পৰা উপস্থিত থাকে সভাপতি মুহিৰাম লয়িং তথা সম্পাদক মনোজ দাস।উল্লেখযোগ্য যে পোন প্ৰথম বাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হোৱা এই কৰ্মশালাই অসমৰ প্ৰতিখন জিলাৰ প্ৰশিক্ষাৰ্থী সকলৰ মাজত বিশেষ উছাহ বৃদ্ধি কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো অংশগ্ৰহণৰ ক্ষেত্ৰত প্ৰশিক্ষাৰ্থীসকলে বিশেষভাৱে উদগনি লাভ কৰিব বুলি মন্তব্য কৰে উদ্যোক্তাসকলৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিচালক সকলে।ইফালে ক’ভিড সৃষ্ট পৰিবেশৰ বাবে অনুষ্ঠানটোৰ ভালেসংখ্যক কাৰ্যসূচী বাতিল কৰিব লগা হোৱাৰ উপৰিও নিমন্ত্ৰিত সীমিত সংখ্যক লোকৰ উপস্থিতিৰে অনুষ্ঠিত কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অগপৰ বোকাখাত বিধান পৰিষদৰ সভাপতি জগত চন্দ্ৰ কলিতাৰ লগতে অনুসূচীত জাতি পৰিষদৰ অগপ কেন্দ্ৰীয় সমিতিৰ সভাপতি ড° ৰামানন্দ দাস।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী