আজাদী কা অমৃত মহোৎসবৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষে ২৪ জানুৱাৰীত এক বেবিনাৰৰ মাধ্যমত ৰাষ্ট্ৰীয় কন্যা শিশু দিবস উদযাপন কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেছৰ প্রতাপ জ্যোতি সন্দিকৈয়ে ৰাষ্ট্ৰীয় কন্যা শিশু দিবস উদযাপনৰ গুৰুত্ব সম্পৰ্কে বিস্তৃত আলোচনা কৰি কয় যে কন্যা শিশুৰ প্রতি শ্রদ্ধা প্রথমে ঘৰৰ পৰাই আৰম্ভ কৰা উচিত আৰু এনএছ এছ স্বেচ্ছাসেবকে মানুহৰ মাজলৈ এই বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনায় । উত্তৰ পূব এন এছ এছৰ আঞ্চলিক সঞ্চালক দীপক কুমাৰে কাৰ্য্যসূচী বিষয়া আৰু স্বেচ্ছাসেবক সকলক কন্যা শিশুৰ উন্নতি আৰু নিৰাপত্তাৰ বাবে উদ্যোগ লবলৈ আহ্বান জনায় । তেওঁ চৰকাৰী বিভিন্ন আঁচনি , গার্ল চাইল্ড আঁচনিসমূহ এন এছ এছ কাৰ্য্যসূচী বিষয়া আৰু স্বেচ্ছাসেবকসকলে আগুৱাই নিয়াত অৰিহণা যোগাব লাগিব বুলি উল্লেখ কৰে। অতিথি অৰু অংশগ্রহণকাৰীক আদৰণি জনায় বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে । তেওঁ কয় যে : কন্যা শিশুৰ অধিকাৰ ,শিক্ষাৰ গুৰুত্ব, স্বাস্থ্য আৰু লিংগ বৈষম্য আৰু শাৰীৰিক নিৰ্যাতনৰ দৰে সমস্যা সম্পৰ্কে সচেতনতাৰ বাবে ৰাষ্ট্ৰীয় কন্যা শিশু দিবস পালন কৰা হয় । স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ২০ বছৰৰ কম বয়সী ৭৫ জনী কন্যা শিশুক গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ অধীনৰ বিভিন্ন কলেজ এন এছ এছ গোটৰ দ্বাৰা সমাজত অসামান্য অৱদানৰ বাবে স্মাৰক,গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় । কলেজৰ অধ্যক্ষ, এনএছএছ প্রোগ্রাম অফিছাৰ আৰুস্বেচ্ছাসেবক সমন্বিতে প্রায় ৩০০ জন অংশগ্রহণকাৰী এই বেবিনাৰত অংশগ্ৰহণ কৰে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন