অসম বন বিভাগৰ গুৱাহাটী বন্যপ্ৰাণী বিভাগ আৰু অঞ্চলটোৰ গৱেষণা আধাৰিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে যোৱা ৬ ফেব্ৰুৱাৰীত পবিতৰা অভয়াৰণ্যত তৃতীয় বাৰ্ষিক জলচৰ পক্ষীৰ গণনা সফলতাৰে অনুষ্ঠিত কৰে । এই গণনাত ৫৬ টা প্ৰজাতিৰ পৰিভ্ৰমী আৰু আৱাসিক চৰাইৰ মুঠ প্ৰায় আঠ হাজাৰ দুশ পক্ষী পোৱা গৈছে।গণনাৰ মুখ্য উদ্দেশ্য আছিল চৰাইৰ ওপৰত তথ্য সংগ্ৰহ কৰা আৰু দীৰ্ঘম্যাদী সংৰক্ষণ বাবে এই প্ৰজাতিৰ বোৰ নিৰীক্ষণ কৰা।উল্লেখনীয় যে এই বাৰ্ষিক গণনা তিনি বছৰ ধৰি সকলো মহলৰ পৰা সক্ৰিয় অংশগ্ৰহণ কৰি অহা হৈছে।বন বিভাগৰ কৰ্মচাৰী আৰণ্যকৰ সদস্য ,কৰ্মচাৰী আৰু অন্যান্য স্বেচ্ছাসেৱকসহ প্ৰায় ৩০ জন লোকে মুঠ ৬ ভাগত বিভক্ত হৈ পক্ষী গণনা কাৰ্য্য সম্পন্ন কৰে।গুৱাহাটী বন্যপ্ৰাণী বিভাগৰ বিভাগীয় বন বিষয়া জয়শ্ৰী নাইডিং টংকে অংশগ্ৰহণকাৰী সকলক আদৰণি জনায় আৰু গণনাৰ গুৰুত্ব ব্যাখ্যা কৰে।অসম বন বিভাগৰ এজন মুখ্য বন সংৰক্ষক ড° সোণালী ঘোষেও অংশগ্ৰহণকাৰী সকলক এনে অনুশীলনৰ গুৰুত্বৰ বিষয়ে জনায়।আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী উদয়ন বৰঠাকুৰ গণনা বিৱৰণ দিয়াৰ উপৰিও অংশগ্ৰহণ কাৰী সকলক চৰাই গগণাৰ বাবে কৰিবলগা পদ্ধতি বিষয়ে অৱগত কৰে।পবিতৰা ৰেঞ্জ বিষয়া নয়নজ্যোতি দাসে এই প্ৰক্ৰিয়াৰ বিভিন্ন দিশৰ বিষয়ে জনায়।আৰণ্যকৰ উদয়ন বৰঠাকুৰ ড° বিভূতি প্ৰসাদ লহকৰ,নৱ চৌধুৰী, প্ৰসন্ন কলিতা,মৃদুল কুমাৰ চক্ৰৱৰ্তী আৰু এৰশাদূৰ ৰহমানে গণনাৰ পৰিচালনাত বিভিন্ন দলক নেতৃত্ব দিয়ে।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক