চাহ ব্যৱসায়েৰে স্বাৱলম্বীতাৰ সপোন দেখিছে দেৰগাঁৱৰ ইয়াছমিনে

0 241

কিছুবছৰৰ পূৰ্বে হঠাতে জনপ্ৰিয় হৈ পৰিছিল এখন দক্ষিণৰ কথাছবি ।ছবিখনৰ নাম আছিল মিচ ইণ্ডিয়া ।এগৰাকী ভাৰতীয় যুৱতীয়ে বিদেশত ভাৰতীয় পৰম্পৰাগত চাহৰ ব্যৱসায় কৰি কেনেধৰনেৰ ঘাট প্ৰতিঘাটৰ মাজেৰে সফল হৈছিল সেয়া উপস্থাপন কৰিছিল পৰিচালকে। কিন্তু এইবাৰ বাস্তৱত এনেদৰে চাহৰ ব্যৱসায় কৰি সফল হোৱাৰ সপোন দেখিছে দেৰগাঁৱৰ উচ্চ শিক্ষিতা যুৱতী চায়েফা ইয়াছমিন ৰহমান নামৰ যুৱতীগৰাকীয়ে। দা চাই এডিক্ট নামৰ এখন বিভিন্ন স্বাদৰ চাহৰ বিপনী খুলি আগবঢ়াইছে ব্যৱসায়। মচলা চাহ,তণ্ডুৰী চাহ,অদৰক চাহ আদি বিভিন্ন স্বাদৰ চাহ উপলব্ধ হৈছে এই বিপনীখনত।

Leave A Reply

Your email address will not be published.