পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই লকডাউনৰ সময়ৰে পৰা কোনো দৰিদ্ৰ লোক যাতে খাদ্যৰ অভাৱত ভুগিব নালাগে তাৰ বাবে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আৰু এন জি অ সমূহক সহায়ৰ হাত আগবঢ়াবলৈ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ আহ্বান জনাই আহিছে। সেই আহ্বানৰ প্ৰতি সঁহাৰি দি লকডাউন ঘোষণা কৰাৰ পাছৰে পৰা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত দৰিদ্ৰ লোক সকলক খাদ্য সামগ্ৰীকে ধৰি আন নৃত্য ব্যৱহার্য সামগ্ৰী বিতৰণৰে সহায়ৰ হাত আগবঢ়াই আহিছে। আনহাতে বিধায়ক কলিতাৰ আহ্বান মৰ্মে ১২ ফেব্ৰুৱাৰীত অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনে ৰাণী গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা বৰঝাৰ বিমান বন্দৰৰ কাষৰীয়া জনজাতি বসতিপ্ৰধান ছাটাৰগাঁওত ৬০ টা আৰু ৰাণী চাহ বাগিচাৰ ৬০ টা শ্ৰমিককে ধৰি মুঠ ১২০ টা দৰিদ্ৰ পৰিয়ালক চাউল , দাইল, মিঠাতেল, চেনীকে ধৰি খাদ্য আৰু নিত্য ব্যৱহার্য সামগ্ৰী বিতৰণ কৰে। বিতৰণ অনুষ্ঠানত অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনৰ প্ৰশাসক অনিল ডেকা, ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা, পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, ৰাণী গাঁও পঞ্চায়তৰ সভাপতি পূৰবী বড়োকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক