পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই লকডাউনৰ সময়ৰে পৰা কোনো দৰিদ্ৰ লোক যাতে খাদ্যৰ অভাৱত ভুগিব নালাগে তাৰ বাবে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আৰু এন জি অ সমূহক সহায়ৰ হাত আগবঢ়াবলৈ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ আহ্বান জনাই আহিছে। সেই আহ্বানৰ প্ৰতি সঁহাৰি দি লকডাউন ঘোষণা কৰাৰ পাছৰে পৰা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত দৰিদ্ৰ লোক সকলক খাদ্য সামগ্ৰীকে ধৰি আন নৃত্য ব্যৱহার্য সামগ্ৰী বিতৰণৰে সহায়ৰ হাত আগবঢ়াই আহিছে। আনহাতে বিধায়ক কলিতাৰ আহ্বান মৰ্মে ১২ ফেব্ৰুৱাৰীত অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনে ৰাণী গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা বৰঝাৰ বিমান বন্দৰৰ কাষৰীয়া জনজাতি বসতিপ্ৰধান ছাটাৰগাঁওত ৬০ টা আৰু ৰাণী চাহ বাগিচাৰ ৬০ টা শ্ৰমিককে ধৰি মুঠ ১২০ টা দৰিদ্ৰ পৰিয়ালক চাউল , দাইল, মিঠাতেল, চেনীকে ধৰি খাদ্য আৰু নিত্য ব্যৱহার্য সামগ্ৰী বিতৰণ কৰে। বিতৰণ অনুষ্ঠানত অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনৰ প্ৰশাসক অনিল ডেকা, ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা, পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, ৰাণী গাঁও পঞ্চায়তৰ সভাপতি পূৰবী বড়োকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন