কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানে তেওঁলোকৰ জনহিতকৰ কাৰ্যসূচীৰ অংশহিচাপে বৃহত্তৰ ৰাণীকে ধৰি দাঁতি কাষৰীয়া মেঘালয় সীমান্তত বাস কৰা ৰাইজক বিগত সময়চোৱাত বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াই আহিছে । আনহাতে জনহিতকৰ কাৰ্যসূচীৰ অংশহিচাপে আজি ১৭৫ চি আৰ পি এফৰ উদ্যোগত ৰাণী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অসম – মেঘালয় সীমান্তৰ অতি দুৰ্গম অঞ্চল হিচাপে পৰিচিত ৰাণী গাঁও পঞ্চায়তৰ অধীনৰ নৰলং গাঁওৰ ২০ ঘৰ বাসিন্দাক সৌৰশক্তি চালিত লেম্প বিতৰণ কৰা হয় । লেম্প সমূহ বিতৰণ কৰে ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই । এই উপলক্ষে ডেপুটী কমাণ্ডেণ্ট আব্দুল ৰহিমে আঁত ধৰা অনুষ্ঠানত কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ লক্ষ্য আৰু উদ্দেশ্যেৰ আলোকপাত কৰে আৰু আগন্তক দিনতো পুনৰ সহায়ৰ হাত আগবঢ়াব বুলি সদৰি কৰে । অনুষ্ঠানত নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক হিতেশ্বৰ ৰাভা , ৰাণী আঞ্চলিক কমিটিৰ সাধাৰণ সম্পাদক জিতেন ৰাভা , নৰলং গাঁওৰ গাওঁবুঢ়া লোকেন কিলিং , ৰাণী গাঁও পঞ্চায়তৰ সভানেত্ৰী পূৰবী বড়োকে ধৰি কেবাজনেও যাতায়ত আৰু বিদ্যুৎ সংযোগ বিহীন নৰলঙৰ দৰে অতি দুৰ্গম অঞ্চলত চি আৰ পি এফে সৌৰশক্তি চালিত লেম্প বিতৰণ কৰি কিঞ্চিত হলেও সহায়ৰ হাত আগবঢ়োৱা বাবে বাহিনীটোৰ শলাগ লয় । অনুষ্ঠানত ডেপুটী কমাণ্ডেণ্ট ৰবি শ্ৰীবাস্তব , জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে ।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক