পশ্চিম গুৱাহাটীৰ বৰাগাঁওস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠান চমুকৈ ” আই এ এছ এছ টি চৌহদত বিগত বছৰৰ দৰে এইবেলিও আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয় । প্ৰতিষ্ঠান চৌহদত থকা ভাৰতৰ নোবেল বঁটা বিজয়ী বিজ্ঞানী চাৰ চি ভি ৰমনৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী প্ৰদানেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে । আনহাতে এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ভাষণ প্ৰসংগত অধ্যাপক মুখাৰ্জীয়ে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰি এইবোৰৰ বিজ্ঞান দিৱসৰ মূল বাণী ” Integrated Approach in S & T Sustainable Future ” সম্পৰ্কেও ব্যক্ত কৰে । তেনেদৰে দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত নিমন্ত্রিত অতিথি হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক নাচৰিন এছ ইছলাম আৰু গণিত বিজ্ঞান বিভাগৰ অধ্যাপক নয়নদ্বীপ ডেকা বৰুৱা উপস্থিত থাকি বিজ্ঞান দিৱসৰ মূল বাণীৰ ওপৰত বাখ্যা আগবঢ়ায় । ইয়াৰ উপৰিও দিৱসৰ লগত সংগতি ৰাখি বিজ্ঞান বিষয়ক কুইজ আৰু পোষ্টাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । তেনেদৰে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত বিজয়ী প্ৰতিযোগী সকলক বঁটা বিতৰণ কৰে সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে । আনহাতে কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ নৱম আৰু দশম শ্ৰেণীৰ প্ৰায় ৪০০ গৰাকী ছাত্ৰ – ছাত্ৰী উপস্থিত আছিল ।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ