দেশৰ আগশাৰীৰ তৈল কোম্পানী অইল ইণ্ডিয়া লিমিটেডে বিগত ন মাহত লাভ অৰ্জনৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে।২০২১ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি লাভৰ অংশ ১৫২ শতাংশলৈ বৃদ্ধি হৈছে।এই অভিলেখৰ কথা আজি এক সংবাদমেল যোগে প্ৰকাশ কৰে কোম্পানীটোৰ মুখ্য পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই।নাৰেঙ্গীস্থিত অইলৰ পাইপ লাইন শাখাৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি তেওঁ কয় যে যোৱা বৰ্ষৰ প্ৰথম ন মাহত কোম্পানীটোৱে ৮৯৪.০৩ কোটি টকা লাভ কৰাৰ বিপৰীতে বিত্তীয় বৰ্ষত ২২৫৭.৩০ কোটি টকালৈ বৃদ্ধি হৈছে। শীৰ্ষ বিষয়া গৰাকীয়ে আৰু কয় যে বিগত বৰ্ষৰ ডিচেম্বৰলৈ কোম্পানীটোৰ আয় আছিল ৬০২৮.৭২ কোটি টকা।কিন্তু চলিত বৰ্ষৰ প্ৰথম ন মাহত ইয়াৰ পৰিমাণ হয়গৈ ১০০৫১.৫৭ কোটি।একেদৰে প্ৰাকৃতিক গেছ উৎপাদনো বৃদ্ধ হোৱাৰ কথা উল্লেখ কৰি যোৱা বৰ্ষৰ তুলনাত ১৭.৮৩ শতাংশ বৃদ্ধি হৈছে।ইয়াৰ উপৰিও ২০২০-২১ বৰ্ষৰ অক্টোবৰ,নৱেম্বৰ আৰু ডিচেম্বৰ মাহত EBITDA ৰ পৰিমাণ ২৭৭.৪২ কোটি হোৱাৰ বিপৰীতে ২০২১-২২ বৰ্ষৰ সেই তিনি মাহত ইয়াৰ পৰিমাণ ২২৩৫.৭২ কোটিলৈ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি বিষয়া জনে খাৰুৱা তেলৰ প্ৰাপ্তি ৩৮.৯৮ বিবিএল আমেৰিকান ডলাৰৰ বিপৰীতে বিগত ন মাহত ইয়াৰ পৰিমাণ ৭২.৪১বিবিএল আমেৰিকান ডলাৰ হোৱাৰ কথা উল্লেখ কৰি বিষয়া জনে ৮৫.৭৬ শতাংশ বৃদ্ধি হোৱা বুলি সদৰি কৰে সংবাদ মেলত।ইয়াৰ লগতে তৈল কোম্পানীটোয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰি বিষয়া জনে অইল ইণ্ডিয়া লিমিটেডে এ ই এম্ প্ৰযুক্তিৰ সহায়ত গ্ৰীণ হাইড্ৰজেন উৎপন্ন কৰিবলৈ যোৰহাটস্থিত ইয়াৰ পাম্প ষ্টেচনত এশ কিলোৱাটৰ এক প্ৰযুক্তি স্থাপনৰ পৰিকল্পনাৰ বিষয়ে জানিব দিয়াৰ উপৰি কোম্পানীটোৱে ইতিমধ্যে গ্ৰহণ কৰা বিভিন্ন অভিলাসী প্ৰকল্পৰ কথা ব্যক্ত কৰে ।সংবাদমেলত মুখ্য পৰিচালন সঞ্চালকৰ উপৰি কোম্পানীটোৰ কেবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ