দেশৰ আগশাৰীৰ তৈল কোম্পানী অইল ইণ্ডিয়া লিমিটেডে বিগত ন মাহত লাভ অৰ্জনৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে।২০২১ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি লাভৰ অংশ ১৫২ শতাংশলৈ বৃদ্ধি হৈছে।এই অভিলেখৰ কথা আজি এক সংবাদমেল যোগে প্ৰকাশ কৰে কোম্পানীটোৰ মুখ্য পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই।নাৰেঙ্গীস্থিত অইলৰ পাইপ লাইন শাখাৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি তেওঁ কয় যে যোৱা বৰ্ষৰ প্ৰথম ন মাহত কোম্পানীটোৱে ৮৯৪.০৩ কোটি টকা লাভ কৰাৰ বিপৰীতে বিত্তীয় বৰ্ষত ২২৫৭.৩০ কোটি টকালৈ বৃদ্ধি হৈছে। শীৰ্ষ বিষয়া গৰাকীয়ে আৰু কয় যে বিগত বৰ্ষৰ ডিচেম্বৰলৈ কোম্পানীটোৰ আয় আছিল ৬০২৮.৭২ কোটি টকা।কিন্তু চলিত বৰ্ষৰ প্ৰথম ন মাহত ইয়াৰ পৰিমাণ হয়গৈ ১০০৫১.৫৭ কোটি।একেদৰে প্ৰাকৃতিক গেছ উৎপাদনো বৃদ্ধ হোৱাৰ কথা উল্লেখ কৰি যোৱা বৰ্ষৰ তুলনাত ১৭.৮৩ শতাংশ বৃদ্ধি হৈছে।ইয়াৰ উপৰিও ২০২০-২১ বৰ্ষৰ অক্টোবৰ,নৱেম্বৰ আৰু ডিচেম্বৰ মাহত EBITDA ৰ পৰিমাণ ২৭৭.৪২ কোটি হোৱাৰ বিপৰীতে ২০২১-২২ বৰ্ষৰ সেই তিনি মাহত ইয়াৰ পৰিমাণ ২২৩৫.৭২ কোটিলৈ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি বিষয়া জনে খাৰুৱা তেলৰ প্ৰাপ্তি ৩৮.৯৮ বিবিএল আমেৰিকান ডলাৰৰ বিপৰীতে বিগত ন মাহত ইয়াৰ পৰিমাণ ৭২.৪১বিবিএল আমেৰিকান ডলাৰ হোৱাৰ কথা উল্লেখ কৰি বিষয়া জনে ৮৫.৭৬ শতাংশ বৃদ্ধি হোৱা বুলি সদৰি কৰে সংবাদ মেলত।ইয়াৰ লগতে তৈল কোম্পানীটোয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰি বিষয়া জনে অইল ইণ্ডিয়া লিমিটেডে এ ই এম্ প্ৰযুক্তিৰ সহায়ত গ্ৰীণ হাইড্ৰজেন উৎপন্ন কৰিবলৈ যোৰহাটস্থিত ইয়াৰ পাম্প ষ্টেচনত এশ কিলোৱাটৰ এক প্ৰযুক্তি স্থাপনৰ পৰিকল্পনাৰ বিষয়ে জানিব দিয়াৰ উপৰি কোম্পানীটোৱে ইতিমধ্যে গ্ৰহণ কৰা বিভিন্ন অভিলাসী প্ৰকল্পৰ কথা ব্যক্ত কৰে ।সংবাদমেলত মুখ্য পৰিচালন সঞ্চালকৰ উপৰি কোম্পানীটোৰ কেবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন