আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি হাৰ্ট কেয়াৰ চচাইটি অসমৰ উদ্যোগত খানাপাৰাস্থিত ভিভান্টাৰ আতিথ্য আৰু সহযোগত যোৱা ১১ মাৰ্চত হোটেল ভিভান্টাৰ প্ৰেক্ষাগৃহত নাৰীৰ হৃদযন্ত্ৰীৰ সমস্যা, প্ৰতিৰোধ আৰু পৰিচৰ্যা বিষয়ক এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। হাৰ্ট কেয়াৰ চচাইটিৰ প্ৰতিষ্ঠাক সভাপতি বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডা: নিৰ্মল কান্তি ভট্টাচাৰ্য্যৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনিত কেন্দ্ৰীয় উপসভাপতি ম: ইক্ৰামূল মজিদ, হাৰ্টকেয়াৰ চচাইটি গুৱাহাটীৰ সভাপতি জি.এম.শ্ৰীবাস্তৱ, সমন্বয়ক তাপস ৰঞ্জন চৌধুৰী, কাৰ্যকৰী সদস্য মুকুল নাৰায়ণ বৰ্মনৰ, নিলাক্ষী গোস্বামী বৰুৱা, ড°শিখা বেজবৰুৱা গোস্বামীৰ ওপৰিও বহুকেইজন আমন্ত্ৰিত চিকিৎসক বিশেষজ্ঞ, বিশিষ্ট ব্যক্তি আৰু ভিভান্টাৰ বিষয়া-কৰ্মচাৰীবৃন্দ উপস্থিত থাকে। অনুষ্ঠানটিৰ ব্যৱস্থাপনাৰ দায়িত্বত থকা সক্ৰিয় সদস্যা পাৰমিতা নাগ দেয়ে এটি গীতেৰে শুভাৰম্ভ কৰাৰ লগতে সভাৰ আঁতধৰে। সভাখনিত মুখ্য অতিথিৰ আসন শুৱনি কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া মাধুৰীমা বৰুৱা সেন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা:এ.চি.বৈশ্যই। ভিভান্টাৰ জেনেৰেল মেনেজাৰ জয়ন্ত দাসে আৰম্ভণি ভাষনেৰে সমাগত সকলোকে সম্ভাষণ জনায়।ডা: নিৰ্মলকান্তি ভট্টাচাৰ্যই প্ৰজেক্টৰৰ জৰিয়তে নাৰী আৰু পুৰুষৰ হাৰ্টৰ তুলনামূলকভাৱে সমস্যা, সমাধান, যতন আদিৰ বিশদ বৰ্ণনা কৰে। অনুষ্ঠানটিৰ আন এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী বিশেষজ্ঞৰ প্ৰশ্নোত্তৰ শিতানলৈ আমন্ত্ৰণ কৰি অনা গুৱাহাটী এপল’ হস্পিতালৰ বিশিষ্ট মধুমেহ বিশেষজ্ঞা ডা: নিলাক্ষী ডেকা, ইনটাৰনেচনেল হস্পিতালৰ হৃদৰোগ বিশেষজ্ঞ ডা: ৰিতুপৰ্ণ বৰুৱা, প্ৰতিষ্ঠিত মনোৰোগ বিশেষজ্ঞা লইয়া আগৰৱালৰ পৰামৰ্শমূলক আলোচনাই সকলোকে উপকৃত কৰে। সভাৰ শেষত হাৰ্ট কেয়াৰ চচাইটি,অসমৰ মহিলা গোটৰ কোষাধ্যক্ষা কবিতা শইকীয়াই সকলোলৈ সুন্দৰভাৰে শলাগৰ শৰাই আগবঢ়ায়। উল্লেখ্য যে হাৰ্টকেয়াৰ চছাইটি অসমৰ অন্তৰ্গত অমেন ফৰামৰ সম্পাদিকা নিলাক্ষী গোস্বামী বৰুৱাৰ তৎপৰতাত যোৱা ৮ মাৰ্চ, আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাও চান্দৰাৰীস্থিত আৰবান বিটচত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। সাম্প্ৰতিক সময়ৰ সমগ্ৰ বিশ্ববাসীৰ গুৰুতৰ শাৰিৰীক প্ৰত্যাহ্বান হাৰ্টৰ সমস্যাৰ বিপৰীতে সুৰক্ষা আৰু পৰিচৰ্যাৰ স্বাৰ্থত হাৰ্ট কেয়াৰ চচাইটি অসমৰ এনেধৰণৰ সজাগতামূলক পদক্ষেপ প্ৰকৃততেই প্ৰশংসনীয়।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক