কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহযোগত ধাৰাপুৰৰ তালুকভৱনত আজি বিশ্ব গ্ৰাহক অধিকাৰ দিৱস উপলক্ষে এক সভা অনুষ্ঠিত কৰা হয়। মাজিৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্যয়ে সভাপতিত্ব কৰা এই সভাত জিলা খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া- বৰ্গৰ উপৰি গৰল, আজাৰা, ধাৰাপুৰ আদি গাঁও পঞ্চায়তৰ সভাপতি- সম্পাদক আৰু ভালে-সংখ্যাক স্থানীয় ৰাইজ উপস্থিত থাকে। সভাত আন আন বিশিষ্ট বক্তাৰ উপৰি যোগান পৰিদৰ্শক সুভাষ কুমাৰ শৰ্মাই গ্ৰাহক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে গ্ৰাহকসকলক নিজৰ অধিকাৰ সম্পৰ্কে সজাগ কৰি দিয়াৰ উদ্দেশ্যে প্ৰত্যেক বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তত এই দিৱস উদযাপন কৰা হয়।কোনো সামগ্ৰী কিনা বা মূল্যৰ বিনিময়ত কোনো সেৱা লাভ কৰা সময়ত গ্ৰাহক কোনো কাৰণত প্ৰতাৰিত হলে,তেও বিভিন্ন আইনী সাহাৰ্য লাভ কৰিব পাৰে। চৰকাৰে ব্যৱস্থা কৰা Fair digital finance ৰ ব্যবস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নগদ লেন -দেনৰ পৰা পাৰ্যমানে আঁতৰি থাকিবলৈ তেওঁ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon