দক্ষিণ কামৰূপৰ বাটৰহাটস্থিত বিশিষ্ট লেখিকা, শিক্ষাবিদ তথা ভাগৱতীপাৰাস্থ মাধৱদেৱ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী চন্দ্রপ্ৰভা দেৱীক নিজ বাসভৱনত ৰাজ্যৰ সমন্বয়-সংহতি-ঐকাতা- ভাতৃত্ববোধৰ পথিকৃৎ সাহিত্যানুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে। চেলেং চাদৰ, স্মাৰক, অভিনন্দন পত্ৰ, কিতাপৰ টোপোলা আদিৰে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা প্ৰদান কৰি “বহুবাক” ৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই কয়- জীয়াই থাকোঁতে মানুহক কৰ্মৰ স্বীকৃতি দিব লাগে। সুস্হ অৱস্থাত কৰ্মৰ স্বীকৃতি পালে আৰু কাম কৰাৰ প্ৰেৰণা পায়। প্ৰেৰণাই শক্তি যোগায়। মৃত্যুৰ পিছত পৃথিবী বিখ্যাত সন্মান পালেও অৰ্থহীন।সভাত গীতিকাৰ, গায়ক জিতেন্দ্র মোহন দাসে অংশ লৈ যথাসময়ত গুণীজনক সন্মান জনোৱাটো সকলোৱে চেষ্টা কৰিব লাগে। অনুষ্ঠানত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, কবি শিৰষ দাস, কবি স্বপ্না শৰ্মা, লেখক পদ্মৰাম নাথ, চেংপাৰা ৰাইজ গয়ৰহৰ সভাপতি লালমোহন নাথ, শিক্ষক ৰঞ্জিৎ মহন্ত প্ৰভৃতি বিশিষ্ট ব্যক্তিবর্গ উপস্থিত থাকে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা