অসমৰ সমন্বয়- সংহতিৰ পথিকৃৎ সাহিত্যানুষ্ঠান বহুবাক (বহুভাষিক সাহিত্য মঞ্চ, অসম)ৰ সৌজন্যত দিশপুৰ প্ৰেছ ক্লাবত “সাউতাল ভাষাৰ অতীত, বৰ্তমান, ভৱিষ্যৎ” লগতে “গতি-প্ৰকৃতি”ৰ ওপৰত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হয়। সীতা হাচদা, আদৰি হাচদাৰে চাউতাল গীত পৰিৱেশন কৰি আৰম্ভ কৰা সভাখনি সঞ্চালনা কৰে বহুবাকৰ সভাপতি তথা বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহই। বহুবাকৰ প্ৰধান সম্পাদক, কবি, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা, আদৰণি ভাষণ দিয়া আলোচনাচক্ৰ খনি উদ্ধোধন কৰি বিশিষ্ট গীতিকাৰ, সাহিত্যিক শচীন দাসে কয়- চাউতাল ভাষাৰ মানুহৰ প্ৰতিভা অনন্য। ভাষাটো দেশজুৰি সিঁচৰতি হৈ আছে। প্ৰত্যেকগৰাকী মানুহ একেখন মূল্যবান গ্ৰন্থ। আমি মাথোঁ জীৱনধাৰা উপলব্ধি কৰিব পাৰিব লাগিব।আলোচনাচক্রত আলোচক হিচাপে অংশ লৈ আন্তর্জাতিক সাউতাল পৰিষদৰ সভাপতি তথা বৰেণ্য ভাষাবিদ পৃথিবী মাঝিয়ে কয়- “অষ্টিক ভাষাগোষ্ঠীৰ চাউতালী ভাষা পৃথিবীৰ প্ৰাচীন ভাষাসমূহৰ ভিতৰত অন্যতম। চাউতালসকলে আদিতে নিজকে ‘হড়’ বুলি পৰিচয় দিছিল।’হড়’ মানে মানুহ। তেওঁলোকে নিজকে ‘খেৰৱাড়’ বুলিও পৰিচয় দিয়ে। ‘চাউতাল’ নামটো তেওঁলোকৰ মতে বিদেশীয়ে দিয়া নাম।” আন এগৰাকী আলোচক আদিবাসী সামাজিক- শিক্ষা- সংস্থা(এছেকা)ৰ কাৰ্যকৰী সভাপতি গণেশ মূৰ্মূয়ে কয়- বিশ্বত চাউতাল ভাষা কোৱা লোকৰ সংখ্যা প্ৰায় ৭ মিলিয়ন আছে। ৫ মিলিয়নে ভাৰতত চাউতাল ভাষা কয়। পণ্ডিত ৰঘুনাথ মূৰ্মূয়ে চাউতাল ভাষাৰ দোৱান (অলচিকি লিপি) সৃষ্টি কৰি ভাষাটোক আৰু এখোজ আগুৱাই দিয়ে।” সভাত তিৱা সাহিত্য সভাৰ উপ-সভাপতি শৰৎ চন্দ্র পাটৰ আমচি, ত্ৰিপুৰা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ সচিব প্ৰধান কমল কলিতা, গুৱাহাটী উচ্চ ন্যায়ালয় গৱেষণা বিভাগৰ সঞ্চালক ড০ ৰঙ্গৰঞ্জন দাস, ডিব্ৰুগড় নাৰ্ছিং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ তৰুলতা মাঝি, সৰ্বশিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত মিছন সঞ্চালক ড০ সুলেখা চক্ৰৱৰ্তী, লেখিকা বান়ুমণি ভট্টাচার্যই সভাত বিশিষ্ট অতিথি হিচাপে অংশ লৈ বহুবাকে লোৱা প্ৰদক্ষেপক ভূয়সী প্ৰশংসা কৰে।
Trending
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year