দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলত আজি দিনযোৰা কাৰ্যসূচীৰে হেপাহৰ ৰঙালী বিহু উদযাপন কৰে। পুৱা চাফাই অভিযান চলোৱাৰ পিছত বিহু পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উত্তম চন্দ্র কলিতাই। ইয়াৰ পিছতে অনুষ্ঠিত বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা বিশিষ্ট সংস্কৃতিবান ব্যক্তি দোস্ত হবিবুৰ ৰহমানৰ পৰিচালনাত অন্তৰংগ আলাপত ভাগ লৈ বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, সাংবাদিক দীপক শৰ্মাই কয়- “সমন্বয়-সংহতি-একতাৰে সমাজ গঢ়িব পাৰি। গৰৈমাৰীয়ে আজি এক ইতিবাচক দৃষ্টিভংগীৰে বৰ অসম গঢ়াত খোঁজ দিছে। মনত ইতিবাচক চিন্তা, সৎ মনোভাৱ থাকিলে বহু ভাল কাম কৰিব পাৰে।সভাৰ অতিথি মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক তথা লেখিকা ড০ অসমী গগৈয়ে কয়- কৃষিৰ স’তে বিহুৰ সম্পর্ক অনেক। সকলো ধৰ্মৰ লোকে বিহু উদযাপন কৰিব পাৰে। অসমীয়া জাতিক বিশ্বৰ দৰবাৰত বিহুৰ জড়িয়তে চিনাকি দিব পাৰি। অসমীয়া সংস্কৃতি ধৰি ৰখাত চৰ-চাপৰিৰ ভূমিকা অনেক আছে। সভাত বিখ্যাত চৰদ বাদক তৰুণ চন্দ্র কলিতা, গৰৈমাৰী এফ. এ. আহমেদ মহাবিদ্যালয়ৰ অধ্যক্ষ আব্দুল আৱাল চাহাব, মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ, অধ্যাপক নাছিৰ উদ্দিন আহমেদ, তৈবুৰ ৰহমান খাঁন, বেগম ৰুণা লায়লা মজুমদাৰ, বাইহাটা চাৰিআলিৰ ডোৰা কঁহৰা হাইস্কুলৰ শিক্ষয়িত্ৰী তথা কবি দুৰ্গামণি বৰগোঁহাই, চাম্পুপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্বৰবত আলী আহমেদ, ডা: ফজলুৰ হক চৌধুৰী, আব্দুৰ ৰহমান, আব্দুল গফুৰ, কাজিম উদ্দিন, কবি আলাউদ্দিন আল আমিন, আব্দুল কালাম আজাদ, নাৰায়ণ চন্দ্র কলিতা, মৈজুদ্দিন আহমেদ, মিলন চন্দ্র সূত্ৰধৰ, প্ৰবীণ কলিতা, ৰামচৰণ কলিতা, ৰাষ্ট্ৰীয় খেলুৱৈ মনোজ কুমাৰ দাস প্ৰভৃতি বিশিষ্ট অতিথি হিচাপে অংশ লয়। ছাত্রী গায়ত্রী কলিতাই আঁত ধৰা অতি আকৰ্ষিত অনুষ্ঠানটিত বিদ্যালয়ৰ সৰহ সংখ্যক ছাত্রীয়ে বিহু নৃত্য, হুচৰি, বড়ো নৃত্য, ৰাভা নৃত্য, কামৰপী লোকগীতত নৃত্য, গোৱালপৰীয়া লোকগীতত নৃত্য, জেং বিহু পৰিৱেশন কৰে। অনুষ্ঠানতে ছয়গাঁওৰ বেউলা সংগীত গোষ্ঠীৰ শিল্পী বৃন্দই গীত-মাত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠব বৰ্দ্ধন কৰে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি