আজিৰেপৰা শোণিতপুৰ জিলাত আৰম্ভ হৈছে ৰাজ্য শিক্ষা বিভাগৰ নিৰ্দেশনা মতে গুণোৎসৱ -২০২২ । জিলাখনৰ অন্যান্য শিক্ষাখণ্ডৰ লগতে বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ বিদ্যালয়সমূহতো অনুষ্ঠিত হৈছে গুণোৎসৱ প্ৰক্ৰিয়া । বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সৰ্বমুঠ ৩৯১ খন বিদ্যালয়ৰ প্ৰায় ৪৪ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আজিৰেপৰা অনুষ্ঠিত হৈছে গুণোৎসৱ । গুণোৎসৱ অনুষ্ঠিত প্ৰতিখন বিদ্যালয়ত নিৰ্ধাৰিত বহিঃ মূল্যায়ক উপস্থিত হৈ মূল্যায়ন প্ৰক্ৰিয়া সম্পাদন আৰু তদাৰক কৰিছে । আজি বহিঃ মূল্যায়ক হিচাপে বালিপৰা শিক্ষাখণ্ডৰ বাকোলা মৰিসূঁতি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত গুণোৎসৱত বহিঃ মূল্যায়ক হিচাপে উপস্থিত হৈ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া অদিতি গগৈয়ে নিজ কৰ্তব্য সম্পাদন কৰাৰ লগতে দিলে মহানুভৱতাৰ পৰিচয় । চক্ৰ বিষয়া অদিতি গগৈয়ে বিদ্যালয়খনৰ মুল্যায়ন কৰাৰ অন্তত বিদ্যালয় কৰ্তৃপক্ষ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ হাতত দহ হাজাৰ টকা বিদ্যালয়খনত চিলিং ফেন লগোৱাৰ বাবে আগবঢ়াই মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।চক্ৰ বিষয়াগৰাকীৰ এনে মহানুভৱতাক বিদ্যালয় পৰিচালনা সমিতিৰ লগতে বালিপৰা শিক্ষাখণ্ডৰ বিষয়া মনিশ ঠাকুৰে কাকতৰ যোগেদি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।
Trending
- মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি
- মিৰ্জা ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ মুকলি
- কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’
- তিতাবৰত ১১, ১২ মে’ত সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ
- তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা প্ৰাচীন ফাটবিহু
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল