আজি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে জনতা ভৱনৰ কাৰ্যালয়ৰ সভাকক্ষত উচ্চ শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আচনিৰ অধীনত স্নাতক মহলাৰ ছাত্ৰ ছাত্ৰী সকলক সহায় কৰাৰ এক উদ্দেশ্যে পাঠ্যপুথি ক্ৰয়ৰ অনুদান হিচাপে ১০০০ টকাকৈ মুঠ ৩৫৪৩৪১ গৰাকী ছাত্ৰ ছাত্ৰীক নিজ নিজ বেংক একাউণ্টত এই ধন জমা কৰাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে ইয়াৰ বাবদ সৰ্বমুঠ ৩৫ কোটি ৪৩ লাখ ৪১ হেজাৰ টকা ব্যয় কৰা হৈছে।মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে ছাত্র ছাত্ৰী সকলে যাতে এই ধন তেওঁলোকৰ পাঠ্যপুথি ক্ৰয় কৰাত সঠিক ভাবে ব্যৱহাৰ কৰে। আজিৰ এই সভাত শিক্ষা বিভাগৰ উপদেষ্টা ডঃ ননীগোপাল মহন্ত, শিক্ষা বিভাগৰ আয়ুক্ত সচিব এম এছ মনিভন্নন,উচ্চ শিক্ষা বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলি প্ৰমুখ্যে বিভিন্ন বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী