প্ৰজ্ঞান ভাৰতী আচনিৰ অধীনত স্নাতক মহলাৰ ছাত্ৰ ছাত্ৰীক বেংক যোগে পাঠ্যপুথি ক্ৰয়ৰ অনুদান প্ৰদান

0 529

আজি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে জনতা ভৱনৰ কাৰ্যালয়ৰ সভাকক্ষত উচ্চ শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আচনিৰ অধীনত স্নাতক মহলাৰ ছাত্ৰ ছাত্ৰী সকলক সহায় কৰাৰ এক উদ্দেশ্যে পাঠ্যপুথি ক্ৰয়ৰ অনুদান হিচাপে ১০০০ টকাকৈ মুঠ ৩৫৪৩৪১ গৰাকী ছাত্ৰ ছাত্ৰীক নিজ নিজ বেংক একাউণ্টত এই ধন জমা কৰাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে ইয়াৰ বাবদ সৰ্বমুঠ ৩৫ কোটি ৪৩ লাখ ৪১ হেজাৰ টকা ব্যয় কৰা হৈছে।মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে ছাত্র ছাত্ৰী সকলে যাতে এই ধন তেওঁলোকৰ পাঠ্যপুথি ক্ৰয় কৰাত সঠিক ভাবে ব্যৱহাৰ কৰে। আজিৰ এই সভাত শিক্ষা বিভাগৰ উপদেষ্টা ডঃ ননীগোপাল মহন্ত, শিক্ষা বিভাগৰ আয়ুক্ত সচিব এম এছ মনিভন্নন,উচ্চ শিক্ষা বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলি প্ৰমুখ্যে বিভিন্ন বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.