কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসৰ সভাপতিত্বত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। যুটীয়া আৰক্ষী আয়ুক্ত হেমন্ত দাস, সহকাৰী পৰিবহন আয়ুক্ত, অসম তথা কামৰূপ মহানগৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা পৰিবহন বিষয়া গৌতম দাস, জিলা পৰিবহন বিষয়া তথা আঞ্চলিক পৰিবহন প্ৰাধিকাৰী ৰফিকুল ইছলাম, জিলা পৰিবহন বিষয়া (প্রৱর্তক) হিমাংশু দাস তথা সমিতিৰ আন আন সদস্য আৰু সংশ্লিষ্ট বিষয়া-বর্গ উপস্থিত থকা এই সভাত পথ সুৰক্ষা সমিতিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি নতুনকৈ জিলা পথ সুৰক্ষা সমিতি গঠন কৰা হয়। এই নিৰ্দেশনা অনুসৰি সমিতিত জিলা দণ্ডাধীশ অধ্যক্ষ, ৰাজ্যিক ঘাইপথ আৰু প্ৰধান জিলা পথৰ ঘাই পথ প্রশাসক সচিব হিচাপে থকাৰ বিপৰীতে উপ আৰক্ষী আয়ুক্ত / আৰক্ষী অধীক্ষক, মুখ্য স্বাস্থ্য বিষয়া, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, আঞ্চলিক কাৰ্যালয়ৰ প্ৰতিনিধি (পথ যোগাযোগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়), ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালক, পৌৰ নিগমৰ কাৰ্যবাহী বিষয়া, ৰাজ্যৰ পথ সুৰক্ষাৰ কাম কৰি অহা বে-চৰকাৰী অনুষ্ঠান, আঞ্চলিক পৰিবহন বিষয়া সদস্য হিচাপে থাকে। সভাত উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে পথ দুৰ্ঘটনাৰ কাৰণ সমূহ তথ্য সহকাৰে বিশ্লেষণ কৰে আৰু দুৰ্ঘটনা ৰোধৰ স্বাৰ্থত পথ সুৰক্ষাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। আনহাতে, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে সভাত গুৰুতৰভাৱে পথ দুৰ্ঘটনা গ্ৰস্ত লোকক তৎক্ষণাত উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰি দিয়া ব্যক্তিৰ বাবে চৰকাৰে গ্ৰহণ কৰা সামাৰি আন পুৰস্কাৰৰ বিষয়ে আৰু দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা লোকৰ বাবে চৰকাৰৰ চলাচিয়াম সাহাৰ্যৰ বিষয়ে জনসাধাৰণৰ মাজত উপযুক্ত সজাগতা সৃষ্টিৰ বাবে সকলোকে আহ্বান জনায়।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন