বিগত দুটা বছৰ মহামাৰী ক’ভিড সৃষ্ট পৰিৱেশ অতিক্ৰম কৰাৰ পিছতে পুণৰ নাট্যজগতত অভিনৱ প্ৰচেষ্টাৰে ২০২২-২৩ নাট্য বৰ্ষৰ মনোজ দাসৰ ব্যয়বহুল প্ৰযোজনাৰে দক্ষিণ কামৰূপৰ পলাশবাৰীৰ জজি-জটীয়াত নাট্যদল ‘যুগান্তৰ’ৰ আখৰাৰ আজি আনুষ্ঠানিকভাৱে শুভ মহুৰৎ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ আঁতধৰে শিল্পী মনোজ দাসে। অনুষ্ঠানত অভিনেতা তথা পৰিচালক দিলিপ দাসৰ ৰচনাৰে ‘নাগৰাজ’ নাটখন শুভ-উদ্বোধন কৰে পৰিচালক দিলিপ দাসে আৰু আন এখন নাট ‘প্ৰেম বন্ধন’ শুভ-উদ্ধোধন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক কুশল চন্দ্ৰ বৰুৱাই। উক্ত নাট দুখনৰ পৰিচালনা কৰিব দিলিপ দাস আৰু হিতেশ চৌধুৰীয়ে। সংগীত ব্যৱস্থাপনা কৰিব অমৰেন্দ্ৰ পাটোৱাৰীয়ে। লগতে নাট্যদলটিত সংগীতত সুৰৰ ঝংকাৰ তুলিব কণ্ঠশিল্পী বাপন ৰাভাই। এইবেলি নাট্যদলটিত অভিনয় কৰিব বিমল তালুকদাৰ, জয়ন্ত দাস, যোগমোহন চৌধুৰী, দিবাকৰ দাস, জয়ন্ত ঠাকুৰীয়া, সংগীতা কুমাৰী ধৰি বহু কেইজন নবীন-প্ৰবিন অভিনেতাই। মহুৰৎ অনুষ্ঠানত উপস্থিত থাকি পৰিচালক জোন দাস, বিপুল দাস, গৌতম দাস, হিতেশ চৌধুৰী, সমাজ সেৱক নিলমণি তালুকদাৰ, দিপক তালুকদাৰ, পুতুল বৈশ্য উপস্থিত থাকি যাত্ৰা পাৰ্টিৰ বিভিন্ন দিশ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। অনুষ্ঠানত প্ৰতিষ্ঠাপক প্ৰযোজক পূৰ্ণ কান্ত ডেকা, ব্যৱস্থাপক বিমল তালুকদাৰ, সম্পাদক জয়ন্ত দাসসহ নাট্যদলটিৰ কলা-কুশলীসকল উপস্থিত থাকি নাট্যবৰ্ষটিত দুয়োখন নাটকেই ৰাইজে আদৰি লব বুলি আশা প্ৰকাশ কৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ