পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ আজাৰা গাঁও পঞ্চায়তৰ অধীনত কেন্দ্ৰীয় আঁচনিৰ অনুদানৰে পঞ্চায়ত এলেকাত পঞ্চায়ত সভানেত্ৰী কবিতা বড়ো ৰংপীৰ তৎপৰতাত ৰাইজৰ সুবিধাৰ বাবে ৰাজহুৱা শৌচাগাৰ আৰু সভা – সমিতি বা ৰাজহুৱা কাম- কাজৰ বিয়য়ে আলোচনা কৰাৰ বাবে ঠায়ে ঠায়ে সামূহিক গৃহ নিৰ্মাণ কৰি অহা হৈছে । তেনেদৰে নিৰ্মাণ কৰা দুটা শৌচাগাৰ আৰু দুটা সামূহিক গৃহ ১০ আগষ্টত ৰাইজৰ ব্যৱহাৰৰ বাবে উদ্ধোধন কৰা হয় । ৬ লাখ টকা ব্যয়ৰে ৰাজহুৱা শৌচাগাৰ দুটা নিৰ্মাণ কৰা হৈছে দীপৰ বিলৰ পাৰৰ ঐতিহাসিক শ্ৰী শ্ৰীভাঙাৰা গোহাঁই শিৱ মন্দিৰ আৰু দেউছটাল নবজ্যোতি সংঘৰ চৌহদত । তেনেদৰে ২০ লাখ টকা ব্যয়ৰে সামূহিক গৃহৰ এটা দেউছটালত আৰু আনটো আজাৰাৰ ওজাপাৰাত নিৰ্মাণ কৰা হৈছে ।আনহাতে শৌচাগাৰ আৰু সামূহিক গৃহ কেইটা উদ্ধোধন কৰে আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে ।এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত আজাৰা গাঁও পঞ্চায়তৰ সদস্য হীৰেণ ইংতি, উমেশ দাস , পংকজ দাস ,এক্ৰিটডেড অভিযন্তা গণেশ দাস , কনিষ্ঠ অভিযন্তা মণিকা ৰাজকোঁৱৰ , সচিব মৃদুল কুমাৰ দাস ,তীৰ্থ মেধিকে ধৰি কেবাজনো বিশিষ্ট লোক ,সমাজকর্মী উপস্থিত থাকে ।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন