অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৩ ছেপ্তেম্বৰত দিনৰ ১০ বজাত ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল শৰ্মাই আদৰণী ভাষণ আগবঢ়োৱা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই আৰু সহকাৰী অধ্যাপক প্ৰাঞ্জল শৰ্মা । ড° বুঢ়াগোহাঁয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান , বাণিজ্য শাখা বা বৃত্তিমুখী (vocational) যিকোনো শাখাতে শিক্ষা কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে বিষদ বাখ্যা আগবঢ়ায় । কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে শিক্ষাৰ্থীসকলক প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে । তেওঁ বাতৰি কাকত পঢ়াৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে। আনজন সমল ব্যক্তি প্ৰাঞ্জল শৰ্মাই ছাত্র-ছাত্রীসকলৰ হবি(hobby)বোৰে জীৱন-জীৱিকাত কেনে গুৰুত্ব ভূমিকা পালন কৰে তাৰ বিষয়ে আলোচনা কৰে।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী