ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আজি পুৱতিনিশা চলা অভিযানত আৰক্ষীয়ে ৰঙিয়াৰ ছ’চাইটী চ’কত দুখন বিলাসী বাহনত লৈ অনা বৃহৎ সংখ্যক বন্যপ্ৰাণী উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা বন্যপ্ৰাণীসমূহৰ ভিতৰত আছে কেংগাৰু ২টা, চিম্পাঞ্জী ২টা, বিভিন্ন প্ৰজাতিৰ বান্দৰ ১৯টা, কাছ ১৮টা আৰু ভাটৌ ২টা। জানিব পৰা মতে ম্যানমাৰ – মিজোৰাম সীমান্তৰ পৰা অনা হৈছিল বন্যপ্রাণীকেইটা আৰু উদ্ধাৰ হোৱা বন্যপ্ৰাণীকেইটাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত আনুমানিক মূল্য কেইবা কোটি টকা। অভিযানৰ সময়ত আৰক্ষীৰ জালত পৰিছে তামিলনাডুৰ থানেৰ ৰঘু সিং আৰু ভিলিপুৰমৰ কাৰ্থিক নামৰ দুই সৰবৰাহকাৰী। বন্যপ্ৰাণীভৰ্তি বাহন দুখন মিজোৰামৰ সীমাৰ পৰা দিল্লী অভিমুখে গৈ থকাৰ সময়তে আৰক্ষীয়ে ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে।সন্দেহ কৰা হৈছে জন্তু সৰবৰাহত জড়িত হৈ আছে আন্তঃৰাষ্ট্ৰীয় চক্ৰ এটা। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon