ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি আশা নকৰি ঋণ লৈ অথবা নিজা প্ৰচেষ্টাৰে ব্যৱসায় আৰম্ভ কৰি নিজৰ লগতে আন দহজনক সংস্থাপন দি কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিছে। এনে এক প্ৰচেষ্টাৰে পশ্চিম গুৱাহাটী সমষ্টিৰ গড়গৰাৰ সুমন হিৰা নামৰ এজন যুৱকে গাহৰি পালনেৰে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ২০১২ চনত নিজৰ গাঠিৰ ধন খৰচ কৰি আত্মনিৰ্ভৰশীল যুৱকজনে নিজে কৰ্মসংস্থাপনৰ বাট উলিয়াই আৰম্ভ কৰিছিল এইখন গাহৰিৰ ফাৰ্ম। তাৰ পিছৰে পৰা গাহৰি পালনৰ বিভিন্ন প্ৰশিক্ষণ শিবিৰত অংশ লৈ পৰ্যায়ক্ৰমে বৃদ্ধি কৰে নিজৰ ফাৰ্মখন। বৰ্তমান সুমনৰ ফাৰ্মৰ পৰা তেওঁ যথেষ্ঠ লাভৱান হোৱাৰ সমান্তৰালভাৱে গাঁৱখনৰ আদৰ্শ গাহৰি পালক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। দহ বছৰ পূৰ্বে আৰম্ভ কৰা উক্ত ফাৰ্মখনত বৰ্তমানলৈ ২০টা পোৱালীৰ লগতে সৰ্বমুঠ ৩৫টা গাহৰি আছে। যুৱক জনে বৰ্তমানেও কোনোধৰণৰ ঋণ লোৱা নাই যদিও ফাৰ্মখন আৰু বৃদ্ধি কৰাৰ বাবে বিশেষভাৱে আগবাঢ়িছে। হীৰা গাহৰি আজি ৰাণীস্থিত আঞ্চলিক পশুধন উদ্যোমিতা আৰু ব্যৱস্থাপনা কেন্দ্ৰৰ বিষয়ববীয়া সীমা পেগু সহ এটি সজাতি দলে উপস্থিত হৈ পৰিদৰ্শন কৰি বুজ লয়।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান