অসম ডন বস্ক বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ উদ্যোগত “লক্ষ্য নিৰ্ধাৰণৰ বাবে কেৰিয়াৰ সজাগতা শীৰ্ষক এখন আলোচনা চক্ৰ ৫ নৱেম্বৰত অনুষ্ঠিত হয় । আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই । তেওঁ লক্ষ্য নিৰ্ধাৰণৰ বাবে সঠিক কেৰিয়াৰ পথ কেনেকৈ বাছি ল’ব লাগে সেই বিষয়ে আলোচনা কৰে৷কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা শিক্ষাৰ্থীসকলে কেনেকৈ এটা সফল কেৰিয়াৰ গঢ়ি তুলিব পাৰে সেই বিষয়ে তেওঁ ব্যাখ্যা কৰে।আলোচনা চক্ৰখনত যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক লীনা এইছ নেমাদে, পল্লৱ গগৈ, প্ৰাঞ্জল শৰ্মা ,হৰজিৎ দাস আৰু কমলদীপ কলিতাইও বক্তব্য ৰাখে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ