অইল ইণ্ডিয়া লিমিটেডৰ চি এছআৰ আঁচনি অইল লক্ষ্য-ৰ উদ্যোগত আৰু চাবুৱা ক্ৰীড়া সন্থাৰ সহযোগত ডিব্ৰুগড় জিলাৰ চাবুৱা ত্ৰিনয়ন জ্যোতি সংঘ খেলপথাৰত যোৱা বুধবাৰে অইল লক্ষ্য ডেভলপমেণ্ট ফুটবল লীগ শুভাৰম্ভ হৈ যায়।ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ মুঠ ৩৫ ফুটবল কেন্দ্ৰৰ ল’ৰা ১৩ আৰু ১৫ বছৰ অনুৰ্ধৰ শাখাত দেওহাল ফুটবল একাডেমীয়ে ইউনাইটেড চাবুৱা এফ চিক ১-০ গ’লত পৰাজিত কৰে।ইফালে ছোৱালী ১৫ বছৰ মাহমৰা ফুটবল ক’চিং চেণ্টাৰ শিৱসাগৰ দলে মাহমৰা ফুটবল ক’চিং চেণ্টাৰ চৰাইদেউ দলক ২-০ গ’লত পৰাজিত কৰে। উক্ত উদ্বোধনী অনুষ্ঠানতে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ তথা এন. আই.এছ প্ৰশিক্ষক টচেন বড়াক এখনি চেলেংসহ জাপি আৰু স্মাৰকৰ লগতে কিছু মাননিয়ে তেখেতক সম্বৰ্ধনা জনোৱা হয়।ইফালে আজিৰ পৰা প্ৰতি শনিবাৰে আৰু দেওবাৰে সমান্তৰাল ভাৱে ৮ টা মণ্ডলত অনুষ্ঠিত হ’ব লগীয়া লীগখন প্ৰায় তিনিমাহ ধৰি অনুষ্ঠিত হৈ দুলিয়াজান নেহৰু ময়দানত চূড়ান্ত খেল সমূহ অনুষ্ঠিত হ’ব।এই লীগৰ পৰাই প্ৰায় ৪০ গৰাকী ১৫ বছৰ অনুৰ্ধৰ প্ৰতিভাৱান খেলুৱৈক চিনাক্ত কৰি আমন্ত্ৰিত প্ৰশিক্ষকৰ দ্বাৰা উৎকৃষ্ট মানৰ বিনামূলীয়া এক আবাসীক প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰা হ’ব।উক্ত প্ৰশিক্ষণ শিবিৰ পৰা ২০ গৰাকী প্ৰতিভাৱান খেলুৱৈক চুবুৰীয়া ৰাজ্য মণিপুৰ অথবা মেঘালয়ৰ কিছু সংখ্যক প্ৰীতি মূলক খেলত অংশগ্ৰহণৰ উদ্দেশ্যে exposure tour লৈ নিয়া পৰিকল্পনা অইল লক্ষ্য য়ে হাতত লৈছে বুলি জানিবলৈ দিয়ে দুলীয়াজান ফুটবল ক’চিং চেণ্টাৰৰ সাধাৰণ সম্পাদক ভৱেন চাংমায়ে।উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অইল ইণ্ডিয়া লিমিটেডৰ জনসম্পৰ্কৰক্ষী বিভাগৰ চি. এছ. আৰ ৰ জ্যেষ্ঠ প্ৰবন্ধক নয়না মধু দত্ত,জনসম্পৰ্কৰক্ষী বিভাগৰ জ্যেষ্ঠ প্ৰবন্ধক নৱ দাস,অইল লক্ষ্য মূল পৰিচালনা কেন্দ্ৰ দুলীয়াজান ফুটবল ক’চিং চেণ্টাৰ সভাপতি তথা অসম ফুটবল সংস্থাৰ উপ সভাপতি ৰমেশ ফুকন,প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ স্বাধীন ডেকা ৰাজ্য, প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাদ্বয় অনিল বৰগোঁহাই,মঞ্জু শইকীয়া, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ আৰু ডিব্ৰুগড় চাবুৱাৰ ক্ৰীড়া সংগঠকসকল ।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন