অসম চৰকাৰৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা আৰু অমূল্য কাকতি বঁটা প্ৰাপক, শিল্পী পেঞ্চনাৰ তথা কাঁহুদী, সময়ৰ শৰৰ উপৰি কাৰ্টুন জগতৰ ধ্ৰুৱতৰা প্ৰখ্যাত কাৰ্টুনিষ্ট ত্রৈলোক্য দত্ত সোঁৱৰণী “চিত্ৰশিল্পী বঁটা ২০২২”ৰ বাবে কাৰ্টুনিষ্ট, ব্যংগ লেখক তথা সাংবাদিক নুৰুল ইছলামক নিৰ্বাচিত কৰা হৈছে ৷ বিশিষ্ট কাৰ্টুনিষ্ট গৰাকীৰ পৰিয়ালৰ ফালৰ পৰা উক্ত বঁটাটি আগবঢ়োৱা হ’ব। অহা ২০ নৱেম্বৰত গুৱাহাটীৰ চান্দমাৰীস্থিত পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হ’বলগীয়া চেমনীয়া সকলৰ বৌদ্ধিক বিকাশৰ অন্যতম মঞ্চ সোণপৰুৱাৰ হাঁহিৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ কাৰ্যসূচীত উক্ত বঁটাটি প্ৰদান কৰা হ’ব বুলি প্ৰয়াত শিল্পী গৰাকীৰ ভতিজা বিশিষ্ট লেখিকা ড° নঞ্জু দত্ত আৰু সোণপৰুৱাৰ হাঁহি অনুষ্ঠানটিৰ সভাপতি শুক্লেশ্বৰ নাথ তথা সম্পাদক ঊষামণি শইকীয়াই জনাইছে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি