মুগা খেতি তথা ৰেচম শিল্পৰ উৰ্বৰা ক্ষেত্ৰ ঢকুৱাখনা মহকুমাত কৌটিকলিয়া এই শিল্পটোক বিজ্ঞানসন্মত ভাবে উজ্জীৱিত কৰি গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ এক সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিছে মিচিং স্বায়ত্ব শাসিত পৰিষদে। যোৰহাটৰ কেন্দ্ৰীয় চিল্ক বৰ্ডৰ অধীনৰ কেন্দ্ৰীয় মুগা-এৰি গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত পৰিষদীয় এলেকাৰ বিভিন্ন সমষ্টিৰ ৰেচম পালনৰ বাবে আগ্ৰহী যুৱক সকলক অভিজ্ঞ কাৰিকৰী বিষয়াৰ জৰিয়তে এলানি প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান আঁচনি গ্ৰহণ কৰা পৰিষদে ঢকুৱাখনাত শুক্ৰবাৰে বিয়লি এই ৫ দিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি কৰে। ঢকুৱাখনাৰ মাতমৰা অঞ্চলৰ লয়িদ কম্প্লেক্সত অনুষ্ঠিত ৫ দিনীয়া এই প্ৰশিক্ষণৰ শুক্ৰবাৰে সামৰণি অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু , হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে কুম্বাং , যোৰহাটৰ লাহদৈগঢ়স্থিত কেন্দ্ৰীয় মুগা-এৰি গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ড° দিগন্ত মেচ , এছ টি এ , ড° বিতোপন দাস, ৰেচম বিজ্ঞানী ড° পলাশ দত্ত,ৰেচম বিষয়া অশ্বিনী কলিতা, এম এ চিৰ সাধাৰণ সদস্য লাৱন্য মিলি, বিউটি পেগু ,টি এম পি কেৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক যতীন পেগুৰ লগতে গৰিষ্ঠ সংখ্যক মিচিং জাতীয় সংগঠনৰ নেতা কৰ্মী। মুঠ ৩২ গৰাকী উদ্যমী ৰেচম পালকে অংশ গ্ৰহণ কৰা এই প্ৰশিক্ষনৰ সামৰণি অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ পেগুৱে প্ৰশিক্ষণত আৰ্জিত শিক্ষাৰ সদ ব্যৱহাৰ কৰি গ্ৰাম্য অৰ্থনীতি মজবুত কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ আহ্বান জনায়।সভাত পৰিষদৰ হস্ত তাঁত বস্ত্ৰ উদ্যোগ বিভাগৰ কার্যবাহী সদস্য ইন্দিৰা চিন্তে কুম্বাং ,উদ্যোগী স্বাৱলম্বী জাতীয় সংগঠনৰ নেতা যতীন পেগুৱে প্ৰশিক্ষাৰ্থী সকলক শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়।
Trending
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি