সমাগত লাচিত দিৱস উপলক্ষে নতুন দিল্লীত ৰাজ্য চৰকাৰে আয়োজন কৰা কেন্দ্ৰীয় কাৰ্যসূচীত ভাগ ল’বলৈ সোমবাৰে ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হয় ১২ গৰাকী শিক্ষাৰ্থীৰ এটা দল ৷পুৱা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শিক্ষাৰ্থীৰ দলটোৰ যাত্ৰাৰ ফ্লেগ অফ কৰে অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে ৷দলটোত ধুবুৰী জিলাৰ ভোলানাথ মহাবিদ্যালয়, প্ৰমথেশ বৰুৱা মহাবিদ্যালয়,চিলাৰায় মহাবিদ্যালয় আৰু বিলসীপাৰা মহাবিদ্যালয়ৰ দুগৰাকীকৈ মুঠ ৮ গৰাকী শিক্ষাৰ্থী আছে ৷দক্ষিণ শালমৰা মানকাচৰ জিলাৰ মানকাচৰ কলেজ আৰু দক্ষিণ শালমাৰা কলেজৰো দুগৰাকীকৈ মুঠ ৪ গৰাকী শিক্ষাৰ্থীয়ে একেখন বাছতে ধুবুৰীৰ পৰা যাত্ৰা কৰে ৷জানিব পৰা অনুসৰি শিক্ষাৰ্থী দলটোৰ একাংশই আজি আৰু বাকীসকলে কাইলৈ বিমানযোগে নতুন দিল্লীলৈ ৰাওনা হ’ব ৷ যাত্ৰাৰ ফ্লেগ অফ কৰি অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে শিক্ষাৰ্থীসকলৰ তত্বাবধায়ক শিক্ষকগৰাকীক বিমানৰ টিকট আদি যাৱতীয় নথি আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷আনহাতে ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথৰ তত্বাবধানত জিলাখনত লাচিত দিৱসৰ বিভিন্ন কাৰ্যসূচী ৰাইজ বিশেষকৈ শিক্ষাৰ্থীৰ ব্যাপক অংশগ্ৰহণৰ মাজেৰে অনুষ্ঠিত হৈ আছে ৷চাপৰৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত কালি পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ৷ আজি চাপৰৰ শ্ৰীগ্ৰাম সংৰক্ষিত বনাঞ্চলৰ অধীনৰ খেৰডুবি গাঁৱত ৪০০ জোপা গছপুলি ৰোপন কৰে ৷ বিভিন্ন শিক্ষানুষ্ঠান আৰু চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ উদ্যোগতো অব্যাহত আছে বৃক্ষৰোপন কাৰ্যসূচী৷ আয়োজন কৰা হৈছে ৰক্তদান শিবিৰৰো ৷জানিব পৰা মতে জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰী চহৰৰ প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত হৈ আছে শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকন, বক্তৃতা, কুইজ আদি প্ৰতিযোগিতা ৷ অহা ২৩ নৱেম্বৰত আয়োজন কৰিছে এটা সাংস্কৃতিক শোভাযাত্ৰাৰ ৷ ২৪ নৱেম্বৰত প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ মূল অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জনায় ৷ ২৪ আৰু ২৫ নৱেম্বৰত অসম চৰকাৰে নতুন দিল্লীত আয়োজন কৰা কাৰ্যসূচী প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত পোনপতীয়াকৈ দেখুওৱা হ’ব বুলি জানিবলৈ দিয়ে ৷
Trending
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare