বিশ্বৰ আগশাৰীৰ কেইবাখনো দেশলৈ অসমৰ চাহৰ ৰপ্তানি বৃদ্ধি পাইছে। চলিত বৰ্ষৰ প্ৰথম কালছোৱাত এপ্ৰিলৰ পৰা আগষ্ট পর্যন্ত বিগত বৰ্ষৰ এই একেই সময়ছোৱাতকৈ চাহৰ ৰপ্তানি বৃদ্ধি পাইছে।ইতিমধ্যে ভাৰতীয় চাহ ব’ৰ্ডে এই তথ্য সদৰী কৰিছে। চাহ ব’ৰ্ডৰ তথ্য অনুসৰি চলিত বৰ্ষৰ এই পাঁচটা মাহত বিদেশলৈ ২৫১৮.১১ কোটি টকা মূল্যৰ ভাৰতত উৎপাদিত চাহ ৰপ্তানি হয় আৰু ইয়াৰে অধিক সংখ্যক চাহেই অসমৰ বিপৰীতে বিগত বৰ্ষৰ এই একেই সময়ছোৱাত ভাৰতৰ পৰা বিদেশলৈ ২১৩৮.৮১ কোটি টকাৰ চাহ ৰপ্তানি হৈছিল।বিদেশলৈ চাহৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে স্বাভাৱিকতে ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব অসমত। কিয়নো দেশৰ উৎপাদিত মুঠ চাহৰ ৫০ শতাংশ চাহ অসমত উৎপাদিত হয়। বাকী ৫০ শতাংশ চাহ তামিলনাডু,কোলা,কৰ্ণাটক,পশ্চিম বংগ, বিহাৰ, অৰুণাচল প্ৰদেশ, নগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ত উৎপাদন হয়।চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আগষ্ট পর্যন্ত ভাৰতে সৰ্বমুঠ ৮৯.১১ নিযুত কিলোগ্রাম চাহ বিদেশলৈ ৰপ্তানি কৰে। পাঁচ মাহৰ ভিতৰত ৰপ্তানি কৰা এই চাহৰ ভিতৰত অধিক সংখ্যক চাহ অসমত উৎপাদিত বুলি জানিব পৰা গৈছে।তথ্য অনুসৰি আয়াৰলেণ্ড, পোলেণ্ড, কানাডা, ছৌডি আৰব, আফগানিস্তান, বাংলাদেশ, চীন, শ্রীলংকা, অষ্ট্ৰেলিয়া আদি দেশসমূহলৈ ভাৰতত উৎপাদিত চাহৰ ৰপ্তানি বৃদ্ধি হৈছে। বছৰটোৰ প্ৰথম কালছোৱাত বিদেশলৈ চাহৰ ৰপ্তানি বৃদ্ধি পোৱা মানে শেষৰ কালছোৱাতো ৰপ্তানিৰ পৰিমাণ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে।অৱশ্যে এই পর্যন্ত শেষৰ কালছোৱাৰ তথ্য পোহৰলৈ অহা নাই। ডিচেম্বৰ অন্ত পৰাৰ সময়ত এই তথ্য জানিব পৰা যাব। ইফালে চলিত বৰ্ষত চাহ উৎপাদনকাৰী ৰাষ্ট্ৰ চীন আৰু শ্ৰীলংকালৈ ভাৰতত উৎপাদিত চাহৰ ৰপ্তানি বৃদ্ধি হোৱাটো লক্ষণীয় বিষয়।অৱশ্যে চাহ উৎপাদনকাৰী আন এখন ৰাষ্ট্ৰ কেনিয়ালৈ ভাৰতৰ চাহৰ ৰপ্তানি বিগত বৰ্ষৰ তুলনাত হ্ৰাস পাইছে। জাপান, ইৰানলৈও ৰপ্তানি পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। ইফালে শত্ৰু ৰাষ্ট্র পাকিস্তানলৈ চাহ ৰপ্তানি কৰাটো ভাৰতে এতিয়াও বন্ধ ৰাখিছে।আন দেশসমূহৰ ভিতৰত কমনৱেলথৰ অধীনস্থ ৰাষ্ট্ৰসমূহলৈও ভাৰতৰ চাহৰ ৰপ্তানি চলিত বৰ্ষত বৃদ্ধি পাইছে। ৰাছিয়ালৈ বিগত পাঁচ মাহত ২৫৮ কোটি টকা মূল্যৰ চাহ ভাৰতৰ পৰা ৰপ্তানি হৈছে। কাজাখস্তানলৈ বৃদ্ধি পাইছে চাহৰ ৰপ্তানি। অৱশ্যে যুদ্ধ বিধ্বস্ত ইউক্রেইনলৈ পূৰ্বৰ বছৰৰ তুলনাত চলিত বৰ্ষত ভাৰতীয় চাহৰ ৰপ্তানি কিছু হ্ৰাস পাইছে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি