জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্য সম্ৰাজ্ঞী তথা দক্ষিণ কামৰূপৰ সু সন্তান ড° মামণি ৰয়চম গোস্বামীৰ আজি একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী। সেই উপলক্ষে আজি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে মিৰ্জাৰ মামণি ৰয়চম গোস্বামী চক’ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা ৬ বজাত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি মামণি ৰয়ছম গোস্বামী চ’কত এক সমূহীয়া চাফাই অভিযান ৰূপায়ণ কৰা হয়। ১০ বজাত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি জিতুল কুমাৰে সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে সাধাৰণ সম্পাদক বেদব্ৰত দাসে। ইয়াৰ পিছত ক্ৰমে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা, নাম প্ৰসংগ আদি বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে সন্ধিয়া ৫ বজাত ২০০০ গছি বন্তি প্ৰজ্জ্বলন কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা উক্ত কাৰ্য্যসূচীত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰী, শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ড° মীৰা ৰাণী কলিতা, পলাশবাৰী সাহিত্য সভাৰ সভাপতি যুগল চন্দ্ৰ বৈশ্য, বিশিষ্ট আবৃতিকাৰ তথা প্ৰাক্তন ছাত্ৰনেতা গোপাল কলিতা, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস, কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ধীৰাজ চন্দ্ৰ দাস, দক্ষিণ কামৰূপৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ উমৈহতীয়া সংগঠন ই.পি.মিডিয়া ফ’ৰামৰ সভাপতি ৰতন কলিতা, সাধাৰণ সম্পাদক নীৰেন চন্দ্ৰ মালীৰ লগতে অঞ্চলৰ বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি মামণি ৰয়ছম গোস্বামীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে, অহা বৰ্ষৰ পৰা মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা প্ৰদান কৰিব বুলি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ বিষয়ববীয়াই জানিবলৈ দিছে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ