দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত। চন্দ্ৰপুৰস্থিত বিদ্যাভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত ৯ ডিচেম্বৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব লগা প্ৰেৰণা শিবিৰত অংশ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিব লগা মোহন ভাগৱতে এই কাৰ্যসূচীৰ পাছতে ভ্ৰমণ কৰিব উত্তৰ-পূব।এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আগন্তুক শতবৰ্ষ জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি সংঘকাৰ্য বিস্তাৰ আৰু কাৰ্যকর্তাৰ বিকাশৰ বাবে এই শিবিৰৰ আয়োজন কৰা হৈছে।সংঘৰ উত্তৰ অসম প্ৰান্তত হাজংবৰী, চন্দ্ৰপুৰস্থিত বিদ্যাভাৰতীয় বহুমুখী শৈক্ষিক প্ৰকল্পত অনুষ্ঠিত হ’ব লগা শিবিৰত শতাব্দী বৰ্ষৰ বাবে সংঘৰ কাৰ্যবৃদ্ধি আৰু বিভিন্ন গতিবিধিৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ লগতে শাৰীৰিক অনুশীলন হ’ব।আজিৰে পৰা অনুষ্ঠিত হ’ব লগা প্ৰেৰণা শিবিৰৰ অন্তিম দিনা অৰ্থাৎ ১১ ডিচেম্বৰত সৰসংঘচালক মোহন ভাগৱতে উত্তৰ অসম প্ৰান্তৰ স্বয়ংসেৱকৰ লগত দুখনকৈ বৈঠকত মিলিত হৈ সমাৰোহ কাৰ্যক্ৰমত বৌদ্ধিক প্ৰদান কৰিব।উল্লেখ্য যে মোহন ভাগৱতৰ এই প্ৰৱাস কেৱল কাৰ্যকর্তাৰ বাবেহে অনুষ্ঠিত কৰা হৈছে।সেয়েহে সংঘ কাৰ্যকর্তা সকলেহে এই শিবিৰত অংশ ল’ব পাৰিব।এই শিবিৰত প্ৰায় ৩০০০ কাৰ্যকর্তা শিক্ষাৰ্থী হিচাপে উপস্থিত থাকিব এই শিবিৰৰ পাছতে ১১ ডিচেম্বৰ আবেলিৰ ভাগত অৰুণাচললৈ যাত্ৰা কৰিব মোহন ভাগৱতে।
Trending
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী