অসম গ্রামীণ বিকাশ বেংকৰ উদ্যোগত আৰু পি এফ আৰ ডি অফ নতুন দিল্লীৰ সহযোগত উপৰহালীস্থিত গুৱাহাটী মহকুমা বজাৰ সমিতিৰ সভাগৃহত যোৱা ২৫ জানুৱাৰীত এখন সজাগতা মূলক সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পি.এফ.আৰ.ডি.এফ, নতুন দিল্লীৰ মূখ্য মহা প্রৱন্ধক আশিষ কুমাৰে কেন্দ্রীয় চৰকাৰৰ এই আঁচনিখনৰ ওপৰত আলোকপাত কৰে। লগতে উপস্থিত থকা পি.এফ.আৰ. ডি. এফৰ উপ মহাপ্রবন্ধক প্রিয়াংকা গুপ্তাই অটল পেঞ্চন যোজনাৰ বৈশিষ্ট্য প্রয়োজনীয়তা, লাভালাভ, এই আচনি অন্তর্ভুক্তি আদি বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃত বিৱৰণ দাঙি ধৰে। অনুষ্ঠানত অসম গ্রামীণ বিকাশ বেংকৰ অধ্যক্ষ দেবাশিষ গংগোপধ্যায় আদষণি ভাষণ পাঠ কৰা সভাত ভাৰতীয় ষ্টেট বেংকৰ সহকাৰী মহা মহাপ্ৰৱন্ধক মনোজ চেন, কামৰূপ জিলা জিলা অগ্রণী বেংক বিষয়া ধর্মেন্দ্র সিং, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ প্রকল্প প্রবন্ধক প্রিতম কাশ্যপে উপস্থিত থাকি আঁচনি ওপৰত ভাষণ প্ৰদান কৰে। সভাত অসম গ্রামীণ বিকাশ বেংকৰ মুখ্য কাৰ্যালয় বিষয়া দর্পণ বৰাই আঁতধৰা অনুষ্ঠানটোত কামৰূপ জিলাৰ বিভিন্ন বেংকৰ পৰিচালক, অসম গ্ৰামীণ জীৱিকা অভিযানৰ জিলা আৰু ব্লক পৰ্যায়ৰ বিষয়ববীয়া, ডাকঘৰ পঞ্চায়ত আদি বিভিন্ন বিভাগৰ বিষয় ববীয়াসকল উপস্থিত থাকে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika
- Assam CM meets Defence Minister; seeks intervention in establishing Defence Corridor
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita