সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত, চুতীয়া উন্নয়ন পৰিষদ অসমৰ প্ৰযোজনাত আৰু বিশ্বজিৎ বৰাৰ পৰিচালনাত আহিব লগীয়া চলচ্চিত্ৰ;”বীৰাঙ্গনা সাধনী “ৰ মুখ্য চৰিত্ৰৰ অভিনেতা অভিনেত্ৰীৰ দ্বিতীয় অডিচন যোৱা দেওবাৰে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত হৈ যায় । উক্ত বাছনি অনুষ্ঠানত অংশগ্ৰহণ কৰা অভিনেতা অভিনেত্ৰী সমূহৰ মাজত যথেষ্ট উৎসাহ আৰু সহাঁৰি পৰিলক্ষিত হয়। উল্লেখ্য যে এই চলচ্চিত্ৰখনত সংগীত পৰিচালনা কৰিব বিশিষ্ট সংগীত পৰিচালক, কন্ঠশিল্পী অংগৰাগ পাপন মহন্তই । বীৰাঙ্গনা সাধনী হ’ব অংগৰাগ পাপন মহন্তই সংগীত পৰিচালনা কৰা প্ৰথম খন চলচ্চিত্ৰ ।বলিউডৰ প্ৰখ্যাত চাউণ্ড ডিজাইনাৰ অৰুণ নাম্বিয়াৰয়ে চলচ্চিত্ৰ খনৰ চাউণ্ড ডিজাইন কৰিব ।তেখেতে “ৰণঝানা, শুভ মঙ্গল সৱধান, অত্ৰাংগী ৰে, “ৰক্ষ বন্ধন”পতি পত্নী ঔৰ ৱহ কে ধৰি কেইবাখনো চলচ্চিত্ৰৰ চাউণ্ড ডিজাইনাৰ আছিল । বিখ্যাত Prime Focus VFX studio ত প্ৰায় ত্ৰিশ বছৰ অভিজ্ঞতা পুষ্ট চিনেজেন্স মিডিয়া প্ৰাইভেট লিমিটেডৰ (Cinegence Media pvt Ltd) স্বতাধিকাৰী ষ্টিফেন মাস্কাৰেনহাছে চলচ্চিত্ৰ খনৰ ভিএফএক্স (VFX) ৰ কাম কৰিব। বিখ্যাত চলচ্চিত্ৰ ‘বাহুবলী’ৰ ভিএফএক্স কনচেপ্ট ডিজাইনাৰ মৌলিয়ে (VFX Concept Designer) বীৰাঙ্গনা সাধনী চলচ্চিত্ৰৰ ভিএফএক্স কনচেপ্ট ডিজাইনাৰ কৰিব । বলিউডৰ বিখ্যাত প্ৰমো এডিটৰ (Promo Editor) হাৰ্দিক সিং ৰিনে চলচ্চিত্ৰ খনৰ প্ৰমো এডিট (Promo Edit) কৰিব।৬ কোটি টকা বাজেটেৰে নিৰ্মাণ হ’ব লগা বীৰাঙ্গনা সাধনী চলচ্চিত্ৰখনৰ সন্দৰ্ভত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জিতু শইকীয়াই সকলো সদৰী কয় যে এই চলচ্চিত্ৰ হ’ব অসমৰ আটাইতকৈ বেছি ব্যয়বহুল চলচ্চিত্ৰ।
Trending
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha