গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অসমৰ বিহু নাচক স্থান দিয়াৰ অৰ্থে অসম চৰকাৰে একক স্থানত বিহু নৃত্য প্ৰদৰ্শনৰ যি পৰিকল্পনা কৰিছে, সেই উদ্দেশ্যে আজি পৰিবেশনকাৰীসকলৰ অনলাইন পঞ্জীয়নৰ বাবে এক ৱেব পেইজ মুকলি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিহু সমিতিসমূহৰ বিষয় – ববীয়া, মাষ্টাৰ ট্ৰেইনাৰ আদিৰ লগত হোৱা এখন সভাত www.idealinfoz.com /bihu নামৰ ৱেবপেইজটো পৰিবেশনকাৰীসকলৰ পঞ্জীয়নৰ বাবে মুকলি কৰি দিয়ে। ৱেবপেইজটো মুকলি কৰি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কয় যে এইটো কেৱল আবেদনৰ দৰেহে। পঞ্জীয়নৰ পাছত নিৰ্বাচন সমিতিয়ে পৰিবেশনকাৰীসকলক নিৰ্বাচন কৰিব। পঞ্জীয়নৰ শেষ তাৰিখ ১৮ মাৰ্চ ধাৰ্য কৰা হৈছে।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক