শতাধিক বিষয়, সহস্ৰাধিক প্ৰশ্নোত্তৰ সম্বলিত দীপাংকৰ কৌশিকৰ ‘সমগ্ৰ কুইজ’ আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চিকিৎসক তথা ‘অবাক’ৰ মুখ্য সম্পাদক ডা° শুভ্ৰকিংকৰ গোস্বামী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰা আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, বিশিষ্ট অধিবক্তা ৰাতুল গোস্বামী, শিশু সাহিত্যিক যুগললোচন দাস, সুৰেন্দ্ৰমোহন দাস । অনুষ্ঠানত আদৰণি ভাষণ দিয়ে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ৰবেন্দ্ৰ কুমাৰ দাসে।অনুষ্ঠানৰ আঁত ধৰে কুইজ পৰিচালক দিলীপ কুমাৰ শৰ্মাই। গ্ৰন্থখন প্ৰকাশ কৰিছে পাণবজাৰৰ ৰেখা প্ৰকাশনে।গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা লিখিত কুইজ প্ৰতিযোগিতাত বৰ্ণালী তালুকদাৰে প্ৰথম পুৰস্কাৰ লাভ কৰে । দ্বিতীয় পুৰস্কাৰ লাভ কৰে সায়ন্তন শইকীয়া,প্ৰশান্ত মেধি আৰু মানস শৰ্মাই। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই গিৰীশ বৰ্মনে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা