ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী জ্যেষ্ঠ বিষয়া,অসমৰ ৰাজ্যপালৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা স্বপ্না দত্ত ডেকাই ব্যস্ততাৰ মাজতো নাটক ৰচনা,গল্প,উপন্যাস আদিৰ দৰে সৃষ্টিশীল লেখনিৰ জৰিয়তে সাহিত্য,সংস্কৃতিৰ জগতলৈ নীৰৱে সেৱা আগবঢ়াই আহিছে।শেহতীয়া সুলেখিকা স্বপ্না দত্ত ডেকাই ৰচনা কৰিছে নাৰ্চিছিজম নামৰ এখন তত্ত্বগধুৰ গ্ৰন্থ।১৯ নৱেম্বৰত অসমৰ ৰাজ্যপাল গোলাব চান্দ কটাৰীয়াক ৰাজভৱনত স্বপ্না দত্ত ডেকাই নাৰ্চিচিজমৰ প্রথম কপিটো প্ৰদান কৰে। আনহাতে গ্ৰন্থখনৰ কপীটো গ্রহণ কৰি ৰাজ্যপাল গৰাকীয়ে লেখিকা ডেকাৰ অধ্যয়ন আৰু লেখাৰ বাবে উচ্চ প্রশংসা কৰে আৰু আগলৈকে এনে ধৰণৰ সৃষ্টিশীল লেখনিৰ জৰিয়তে পাঠক ৰাইজক সাহিত্যৰ সোৱাদ দিবলৈ অনুপ্ৰেৰণা যোগায়।উল্লেখ্য যে নার্চিছিজম বিষয়ত অসমীয়া ভাষাত এইখনেই প্রথম গ্ৰন্থ। পূৰ্বায়ন প্রকাশনৰ সহযোগত ইউ ডি ফাউণ্ডেচনে প্ৰকাশ কৰা এই অভিনৱ বিষয়ৰ গ্রন্থখনৰ ছপাবন্ধা সকলো অগতানুগতিক হোৱা বাবেই পাঠকৰ দৃষ্টি আকর্ষণ কৰিব বুলি আশা কৰা হৈছে।ইউ ডি ফাউণ্ডেচনৰ উৎপল দত্তই কয় যে গ্ৰন্থখনৰ অংগসজ্জাৰ ক্ষেত্ৰত বিষয়বস্তু, আৰামদায়ক পাঠৰ সুবিধা আৰু মুদ্ৰনৰ নন্দনতত্বৰ কথা যথেষ্ট মনোযোগেৰে চোৱা হৈছে আৰু এই কাম সম্পূর্ণ কৰিছে ডঃ সঞ্জীৱ বৰাই।লেখিকাৰ জীয়ৰী বর্ণা ডেকাই অকা ছবিও গ্ৰন্থৰ অংগসজ্জাত ব্যৱহাৰ কৰা হৈছে। নাৰ্চিছিজমৰ দৰে জটিল বিষয় এটাক সহজভাৱে ফুটাই তোলা হৈছে আৰু বিষয়টোক কেন্দ্রবিন্দুত লৈ ৰচনা কৰা কবিতা কেইটামানো গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে।এই সন্দৰ্ভত লেখিকা স্বপ্না দত্ত ডেকাই নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি কয়-নিজৰ বিদ্যায়তনিক পৰিধিৰ নোহোৱা বিষয় এটা কেৱল নিজৰ আগ্ৰহত পঢ়াত বাধা নাই যদিও গৱেষণা পৰ্যায়লৈ গৈ এখন কিতাপ লিখিবলৈ সাহ কৰাটোক নিশ্চয় মৰ সাহ বুলিয়েই কয়। মোৰ কেবাখনো গ্ৰন্থ আগতেও প্ৰকাশ পাইছে যদিও এইখনে যি আনন্দ দিছে, সেয়া বাকী কেইখনৰ সৈতে তুলনা নহয়। পাঠক ৰাইজে যাতে গ্ৰন্থখন আদৰি লৈ কিবা যদি ভূল – ত্ৰুটি আছে তাক আঙুলিয়াই দিবলৈ লেখিকা স্বপ্না দত্ত ডেকাই তাৰ বাবে আহ্বান জনায়।
Trending
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare