ভাৰতীয় জনতা পাৰ্টিৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয় ভৱনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত বিনিময়
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পাৰ্টিৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয় ভৱনত উপস্থিত হৈ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় তথা আলোচনাত মিলিত হয় আৰু দলৰ বিভিন্ন সাংগঠনিক কাম-কাজৰ বুজ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’কে ধৰি কেতবোৰ কল্যাণকামী পদক্ষেপৰ সফল ৰূপায়ণত সক্ৰিয় ভূমিকা ল’বলৈ কাৰ্যকৰ্তাসকলক আহ্বান জনায় সোণোৱালে।