অসম ডন বস্ক বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ কেৰিয়াৰ গাইডেন্স চেলৰ উদ্যোগত ‘বিদেশত শিক্ষাৰ সুযোগ’ শীৰ্ষক এক বক্তৃতা অনুষ্ঠান ১৫ মাৰ্চত অনুষ্ঠিত হয় । বক্তৃতা অনুষ্ঠানটোৰ সমল ব্যক্তি আছিল এস্পাইৰ এবৰ্ড এডুকেচনৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালক প্ৰাণজিৎ শইকীয়া । সমল ব্যক্তি গৰাকীক আদৰণি জনায় মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁয়ে । শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰা অনুষ্ঠানটোত সমল ব্যক্তি প্ৰাণজিৎ শইকীয়াই বিদেশত বিভিন্ন বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা দিয়ে। লগতে বৃত্তি, ঋণ, ভিছা প্ৰক্ৰিয়া, থকাৰ ব্যৱস্থা আদিৰ বিষয়েও আলোচনা কৰে। সমল ব্যক্তি গৰাকীয়ে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি