অসম ডন বস্ক বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ কেৰিয়াৰ গাইডেন্স চেলৰ উদ্যোগত ‘বিদেশত শিক্ষাৰ সুযোগ’ শীৰ্ষক এক বক্তৃতা অনুষ্ঠান ১৫ মাৰ্চত অনুষ্ঠিত হয় । বক্তৃতা অনুষ্ঠানটোৰ সমল ব্যক্তি আছিল এস্পাইৰ এবৰ্ড এডুকেচনৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালক প্ৰাণজিৎ শইকীয়া । সমল ব্যক্তি গৰাকীক আদৰণি জনায় মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁয়ে । শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰা অনুষ্ঠানটোত সমল ব্যক্তি প্ৰাণজিৎ শইকীয়াই বিদেশত বিভিন্ন বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা দিয়ে। লগতে বৃত্তি, ঋণ, ভিছা প্ৰক্ৰিয়া, থকাৰ ব্যৱস্থা আদিৰ বিষয়েও আলোচনা কৰে। সমল ব্যক্তি গৰাকীয়ে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।
Trending
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন